Posts

Showing posts from July, 2021

গায়ত্ৰী । গায়ত্ৰী মন্ত্র । Gaytri । লগুন । Logun । পূৰণা যজ্ঞোপবীত কেনেকৈ সলাব । ব্ৰাহ্মণৰ লগুন ধাৰণ কৰাৰ মন্ত্র । যজ্ঞোপবীত বন্ধাৰ নিয়ম

Image
পূৰণা য জ্ঞোপবীত কেনেকৈ সলাব  ।।  থুৰতে     প্ৰথমতে লগুন বান্ধি লৈ,  লগুন কেনেকৈ বান্ধে তলৰ ভিডিঅটোত চাই লব । যদি কিবা অসুবিধা হয় তেন্তে অভিজ্ঞ জনৰ পৰা জানি লব । (( ভিডিঅ'টো উপস্থাপন কৰাত ক'ৰবাত ভূল ৰৈ যাব পাৰে, সেয়েহে অভিজ্ঞ জনৰ পৰা ভালকৈ জানি বুজি লব ।)) লগুন বান্ধি লোৱাৰ পাছত গোসাঁই ঘৰত গৈ নিত্যকৰ্মাদি আচমন আৰু নিজে শান্তি লোৱাৰ পাছত গায়ত্ৰী যপ কৰিব  ।   তাৰপাছত বান্ধি থোৱা লগুন শান্তি কৰিব  । শান্তি কৰা হ'লত লগুনক লগুন শুনোৱা মন্ত্রাদি শুনাব । ( মুখৰ ভিতৰতে শব্দ হোৱাকৈ শুনাব ) তাৰপাছত যজ্ঞোপবীত ধাৰণ মন্ত্র পাঠ কৰি কৰি লগুন অৰ্থাৎ য জ্ঞোপবীত ধাৰণ কৰিব  ।  পূৰণা লগুন গাৰ পৰা আতৰাই এগুন চিঙি শুদ্ধ স্থানত পেলাই দিব । তাৰপাছত পুনৰ ১০ বাৰ গায়ত্ৰী যপ কৰি গোহ্যাতি জল দিব ।   গায়ত্ৰী যপ কৰাৰ আগত গায়ত্ৰী শাপোদ্ধাৰ পাঠ কৰিব  আৰু যপৰ শেষত গোহ্যাতি জল অৰ্পণ কৰিব, তেতিয়াহে সম্পূৰ্ণ হব । তলত সকলোখিনি মন্ত্র দিয়া হৈছে  ।। লগুন বান্ধি লগুনত শুনোৱা মন্ত্র ঋগ্বেদাদি  মন্ত্রস্য  মধূচ্ছন্দঋষির্গায়ত্রীচ্ছন্দোহগ্নিৰ্দ...

দান । Dan । নৱগ্ৰহৰ দান । Nabagrahar dan । নৱগ্ৰহ । Nabagrah । প্ৰতিকাৰ । Pratikar । নৱগ্ৰহৰ প্ৰতিকাৰ । Nabagrahar pratikar

Image
  অশুভ গ্রহৰ দোষত গ্ৰহৰ দান গ্রহ শান্তিৰ কাৰণে অশুভ গ্রহৰ দোষত তলত উল্লেখ কৰা এটা বা দুটা বা তিনিটা বস্তু নিজৰ সামার্থানুসাৰে দান কৰিলে শুভ হ'ব । ৰবিৰ দান  ৰঙা কাপােৰ, ৰঙা চন্দন, সােণ, আটা, তাম, মিঠাই, ভােজনি সহ দক্ষিণা । চন্দ্রৰ দান  চাউল, কৰ্পূৰ, ৰূপ, বগা কাপােৰ, ঘিউৰ কলহ, ভােজনি সহ দক্ষিণা । মঙ্গলৰ দান  মচুৰ দালি (দাইল),  মিঠাই, ৰঙা কাপােৰ, সােণ, তাম, কৰবীৰ ফুল, ভােজনি সহ দক্ষিণা । বুধৰ দান  সেউজীয়া কাপােৰ, সােণ, কাঁহ, মণ্ড-মাহ, বগা ফুল, ভােজনি সহ দক্ষিণা ।   বৃহস্পতিৰ দান  ঘি, চেনি, আচুকাঠ, ঘোঁৰা (বা যথা সাধ্যে মূল্য), পীতধান, পীতবস্ত্র, পুষ্পৰাগ মণি (অভাৱে যথাসাধ্যে মূল্য), লােণ, সােণ, ভােজনি সহ দক্ষিণা। শুক্ৰৰ দান   ঘি, বিচিত্র বস্ত্র, বগা ঘোঁৰা (অভাৱে যথাসাধ্যে মূল্য),  হীৰা (অভাৱে যথাসাধ্যে মূল্য), ৰূপ, সােণ, জহাচাউল, সিধা সহ দক্ষিণা ।   শনিৰ দান নীলা বস্ত্ৰ মাটি মাহ, মিঠাতেল, তিল, লৌহপাত্র (কেৰাহী) সংযুক্ত ভােজনি আৰু দক্ষিণা দান । ৰাহুৰ দান  গােমেদ ৰত্ন (অভাৱে সাধ্যানুসাৰে মূল্য) সােণ, ঘোঁৰা (অভাৱে যথাসাধ্য মূল্য...

ত্ৰিপাপ ৰিষ্ট। Tripap rista । নক্ষত্ৰৰ ত্ৰিপাপ ৰিষ্ট বৰ্ষ চক্ৰ । Naksatrar tripap rista barsa chakra

Image
  ত্ৰিপাপ ৰিষ্ট বৰ্ষ চক্ৰত  শুভফল বিচাৰতকৈ অশুভ ফলৰ ওপৰত গুৰুত্বহে ইয়াত বেছি দিয়া হয় আৰু সেইবাবেই ইয়াৰ নামেই ত্রিপাপ বিচাৰ । অর্থাৎ তিনিটা পাপ গ্রহ বর্ষপতি হলে  অশুভ ফল হয় । জন্ম নক্ষত্ৰ অনুসৰি ত্রিপাপ কোন কোন বয়সত আছে চোৱা হয় আৰু কোষ্ঠীবােত হয়তাে ৰঙা চিয়াঁহীৰে ডাগ দিয়া হয় নহ'লে ষ্টাৰ চিহ্ন দিয়া হয় । জ্যোতিষ শাস্ত্ৰত কৈছে -- “পতাকী-কুণ্ডলী, কেতােঃ কুণ্ডলী চ বৃহস্পতয়ে।। সর্বত্র পাপ সংযােগে সংশয়াে জায়তে মহান। ত্রিপাপে মহতী পীড়া অথবা প্রাণ সংশয়ঃ।। ” ৰবি আৰু মঙ্গল, তিনিটা বর্ষপতিৰ ভিতৰত এটা হলে মাজে মাজে কষ্ট ভােগ হয় । ত্রিপাপ চক্র মতে শনি আৰু ৰাহু বর্ষপতি হলে সেই বয়সত মৃত্যু হ'ব পাৰে । মঙ্গল আৰু শনি হলে বহুত কষ্ট ভোগ কৰে । ত্রিপাপ চক্ৰত দুই ৰবি বর্ষপতি হলে কষ্ট ভােগ, দুই মঙ্গল হ’লে অগ্নি ভয় আৰু দুই শনিত সর্বস্ব বিনষ্ট হয় । দুই ৰাহু হলে শত্ৰুৰ পৰা ভয় থাকে ।  দুই কেতু হলে জাতকে জ্বৰাদি ৰােগত কষ্ট ভােগ কৰে । তেনেকৈ তিনিওটা বর্ষপতি শনি হলে বধ বা বন্ধন ভয় থাকে । তিনিওটা বর্ষপতি ৰাহু হলে অস্ত্রাঘাত, দুর্ঘটনা আৰু তিনিওটা বর্ষপতি কেতু হলে মাৰাত্মক ৰােগ আ...

চৰন । পাদ । Charan । নক্ষত্ৰৰ চৰন । আপোনাৰ নামৰ আদ্য আখৰ অনুযায়ী নক্ষত্ৰ কি জানক । আপোনাৰ নক্ষত্ৰ কি । Naksatra Charan

Image
আপোনাৰ নামৰ আদ্য আখৰ অনুযায়ী আপোনাৰ জন্ম নক্ষত্ৰৰ কি জানি লওক ।   প্ৰতিটো নক্ষত্ৰৰ চাৰিটা চৰন বা চাৰিটাপাদ থাকে ।  ইয়াৰ বিষয়ে জ্যোতিষ শাস্ত্ৰত বৰ্ননা পাব ।  আপোনাৰ ৰাশি অনুযায়ী নক্ষত্ৰ স্থিৰ কৰা হয়, তাৰ পাছত নক্ষত্ৰৰ কোনটো পাদত জন্ম আংকিক প্ৰণালীৰ মাধ্যমত বিচাৰ কৰি উলিওৱা হয় ।   কোনটো নক্ষত্ৰৰ কোনকেইটা চৰন তলৰ তালিকাখন চালে জানিব পাৰিব । ইয়াত আপোনাৰ নামৰ আদ্য আখৰ য'ত আছে সেইটোৱেই আপোনাৰ নক্ষত্ৰ  ।   নক্ষত্ৰৰ চৰন বা পাদ    ১ অশ্বিনী -- চু, চে, চো, ল,  ২  ভৰণী – লি, লু, লে, লাে,  ৩  কৃত্তিকা- অ, ই, উ, এ   ৪ ৰােহিণী – ও, ব, বি, বু,  ৫  মৃগশিৰা -- বে, বাে, ক, কি,  ৬  আৰ্দ্ৰা -- কু, ঘ, ঙ, ছ,  ৭  পুনৰ্ব্বসু-- কে, কো, হ, হি,   ৮  পুষ্যা -- হু, হে, হাে, ড়,   ৯  অশ্লেষা – ডি, ডু, ডে, ডাে,   ১০ মঘা -- ম, মি, মু, মে,   ১১ পূর্বফাল্গুনী – মে, ট, টি, টু,   ১২ উত্তৰ ফাল্গুনী – টে, টো, প, পি,  ১৩  হস্তা -পু, পাে, ন, ঠ,  ১৪  চিত্রা -- পে, পাে...

মেষ ৰাশি । Aries । মেষ ৰাশিৰ স্বভাব চৰিত্ৰ । আপোনাৰ মেষ ৰাশি যদি আপোনাৰ ব্যক্তিগত স্বভাব জানি লওক

Image
  ।।    মেষ ৰাশি  Aries  ।।  ১/২/৩ নক্ষত্র মেষ ৰাশিৰ আদ্যাক্ষৰ ‘অ’ ‘ল’। নভােমণ্ডলৰ নক্ষত্রপুঞ্জৰ অশ্বিনী নক্ষত্ৰৰ ৪ পাদ আৰু ভৰণী নক্ষত্রৰ ৪ পাদ আৰু কৃত্তিকা নক্ষত্রৰ  ১ পাদ মুঠ ৯ পাদ লৈ মেয ৰাশি গঠিত ।   মেষ ৰাশি অগ্নি চিহ্নিত পুৰুষ কাৰক গ্রহ, আৰু  চৰ স্বভাব বিশিষ্ট গ্রহ ।  মেষ ৰাশিৰ অধিপতি গ্রহ মঙ্গলৰ কাৰকতাত জাতক-জাতিকা অলপ চঞ্চল স্বভাব বিশিষ্ট হয় । জাতক জাতিকা সচৰাচৰ ত্যাগী, সদাচাৰী আৰু বিলাসী হয় । শিশু অৱস্থাত জাতক জাতিকা অকস্মাত গভীৰ খং প্ৰকাশ ঘটে আৰু সাধাৰণতে অবাধ্য, ক্রুদৃষ্টিযুক্ত আৰু জেদী হয় । মেষ ৰাশিৰ জাতকৰ দীৰ্ঘ শৰীৰ হয় । যিটো কাম আৰম্ভ কৰে শেষ নকৰা পৰ্যন্ত শান্তি নাপায় । জাতক দান কৰি ভাল পোৱা স্বভাবৰ হয় । কলা,  বিজ্ঞান, সংগীতৰ প্ৰতি যথেষ্ট ৰুচি থাকে ।  কোষ্ঠীত ৰাশ্যাধিপতি মঙ্গল শুভ ভাবত অৱস্থান কৰিলে জাতক-জাতিকাই আৰক্ষী, প্রতিক্ষা, কাৰিকৰী, শিক্ষা, কৃষি, ইঞ্জিনীয়াৰিং, পশুপালন, উদ্যোগ, কল-কাৰখানা, প্রশাসন বিভাগ, শল্য চিকিৎসা আৰু ঠিকা আদি চুক্তিমূলক কামৰ দ্বাৰা জীৱিকা নির্বাহ কৰাৰ যােগ আছে ।  মেষ ৰাশ...

নামকৰণ । জন্মপত্ৰিকা । Janam patrika । জন্ম পত্ৰিকা প্ৰস্তুত । কোষ্ঠী । কোষ্ঠী প্ৰস্তুত । Kusthi । আপোনাৰ জন্মপত্ৰিকা আৰু কোষ্ঠী এইদৰেই বনাই লওক ।

Image
আমাৰ ইয়াত কম্পিউটাৰ পদ্ধতিৰ দ্বাৰা আৰু হাতে লিখা পদ্ধতিৰ দ্বাৰা  নিখুঁত জন্মপত্ৰিকা  আৰু কোষ্ঠী  প্ৰস্তুত কৰা হয় ।  আপোনাৰ নবজাতকৰ নামকৰণ তথা জন্মপত্ৰিকা আৰু কোষ্ঠী প্ৰস্তুত কৰিবৰ বাবে যোগাযোগ কৰিব পাৰে । দূৰভাষ - ৯৬৭৮৮৯৫৬৭৩  ( হোৱাটস অ্যাপ ) ইমেইল - ck407801@gmail.com দূৰ দূৰণিৰ পৰা অহা আপোনাৰ অৰ্ডাৰ সমূহ পিডিএফ ফাইলৰ যোগেদি হোৱাটস অ্যাপৰ মাধ্যমত প্ৰেৰণ কৰা হব ।  আৰু আপুনি প্ৰিন্ট কৰি উলিয়াই লব পাৰিব  । জন্ম পত্ৰিকা আৰু কোষ্ঠী প্ৰস্তুত কৰিবৰ বাবে  নবজাতকৰ জন্মৰ তাৰিখ আৰু জন্মৰ সময়,  মাক দেউতাকৰ নাম,  স্থায়ি ঠিকনা  আৰু হোৱাটস অ্যাপ নম্বৰ আমালৈ প্ৰেৰণ কৰিব লাগিব  ।  আমাৰ হোৱাটস অ্যাপ নম্বৰ আৰু ইমেইল  আইদি ওপৰত দিয়া আছে  । অনলাইন পে' কৰিবৰ কাৰণে আমাৰ ফোনপে' নম্বৰ ৯৬৭৮৮৯৫৬৭৩  আৰু  ইউপিআইদি  9678895673@ybl     মাননী  সমূহ -  জন্মপত্ৰিকা প্ৰস্তুত  ৩০১ টকা  ।   হাতেলিখা   ২০১ টকা কোষ্ঠী প্ৰস্তুত  ২১৫১ টকা  ( দশা বিচাৰ সহ ), হাতেলিখা কো...

অদ্ভুত গণনা জ্যোতিষ । মঙ্গল চোৱাৰ নিয়ম । গৰু,মহ, ছাগলী ইত্যাদি জন্তু হেৰালে মঙ্গল চোৱাৰ নিয়ম । Adbhut ganana jyotish । adbhut । mangal

Image
  বিজ্ঞ সকলৰ পৰম আদৰৰ ধন সৰল অসমীয়া ভাঙণী অদ্ভুত গণনা জ্যোতিষ   ধলৰ সত্ৰৰ শ্ৰী তীর্থনাথ গোস্বামীৰ দ্বাৰা ভাঙণী সংগৃহীত আৰু প্রকাশিত । সকলো পুথি সস্তাত পােৱাৰ ঠিকনা । জেনাৰেল এজেঞ্চী কোং যােৰহাট গটঙ্গা পোঃ অঃ  মুকূলি মুৰীয়া সত্ৰৰ   শ্ৰীশ্ৰী কীৰ্ত্তি চন্দ্র দেব ভট্টাচাৰ্য গোস্বামীৰ  দ্বাৰা সংশোধিত ২য় তাঙ্গৰণ । ভূমি কম্পৰ অদ্ভুত কথন। উত্তৰফল্গুণী, হস্তা, চিত্রা, স্বাতী, পুনৰ্ব্বসু, মৃগশিৰা, অশ্বিনী এইকেইটা বায়ু, মণ্ডলৰ নক্ষত্র, এইকেইটা নক্ষত্রৰ ভিতৰত যদি কোনো এটাত ভূমিকম্প হয়, তেনেহলে সেই ভূমিকম্প সাতদিনৰলৈকে থাকিব পাৰে । অৰ্থাৎ ভূমিকম্প হােৱা দিনৰ পৰা সাত দিনৰ ভিতৰত পুনৰ্বাৰ ভূমিকম্প হব । তাৰ ফল পৃথিবীত শস্য নষ্ট, জল হীন গছলতা ঔষধাদি নষ্ট হয় । জ্বৰ কাহ ইত্যাদি ৰােগে প্রজাক পীড়া কৰে। বৈদ্য আদি সদ স্বভাবৰ স্ত্রী পূন্যবন্ত লােক সকলৰ দুঃখ ভোগ হয়। পুষ্যা, কৃত্তিকা, বিশাখা, ভৰণী, মঘা, পূৰ্ব্বভাদ্রপদ  আৰু পূৰ্ব্বফল্গুণী এই সাতোটি অগ্নি মণ্ডলৰ নক্ষত্র, এই কেইটা নক্ষত্ৰৰ ভিতৰত যদি কোনো এটিত ভূমিকম্প হয়, তেনেহলে সেই ভূমিকম্পও সাত দিনলৈ থাকিব। তাৰ ফল পৃথিবীত অ...

ৰিষ্ট । শিশুৰিষ্ট । পিতৃৰিষ্ট । মাতৃৰিষ্ট । ভাতৃৰিষ্ট । ৰিষ্ট বিচাৰ । নব জাতকৰ ৰিষ্ট বিচাৰ । জাতপুৰুষৰ জন্ম অংগ । Rista ।

Image
শিশুৰিষ্ট   সোঁৱৰণীৰ ৰাশি-চক্ৰত লগ্নৰ পৰা দ্বিতীয় দ্বাদশত শনি, জন্মত মঙ্গল,  চতুথত ৰাহুৰ দৃষ্টি পৰে,  তেন্তে সেই সন্তানৰ ৮ মাহত ৰিষ্ট পৰে । দ্বাদশত ৰবি আৰু মঙ্গল, লগ্নত চন্দ্ৰ আৰু শনি,  লগ্নলৈ যদি শুভগ্রহ সকলৰ দৃষ্টি  নাথাকে,  আৰু লগ্নৰ পৰা যষ্ঠত শনি আৰু দশমত অশুভ গ্রহ আৰু লগ্নত চন্দ্র থাকে,  তেন্তে এবছৰত ৰিষ্ট পৰে । যাৰ লগ্নত চন্দ্র, শনি, মঙ্গল, লগ্নৰ নৱমত ৰবি, লগ্নলৈ বৃহস্পতিৰদৃষ্টি নেথাকে,  তেন্তে জন্মৰ ফল অশুভ । তৃতীয়ত ৰবি আৰু মঙ্গল অষ্টমত শনি, বৃহস্পতি শুক্ৰৰ যদি লগ্নত দৃষ্টি নেথাকে,  তেন্তে এমাহত ৰিষ্ট পৰে । লগ্নৰ অষ্টমত পাপগ্রহ, ষষ্ঠত চন্দ্র, গুৰু শুক্র যদি লগ্নক নেদেখে,  তেন্তে এবছৰত ৰিষ্ট পৰে । দ্বাদশত গুৰু, লগ্নত চন্দ্র, অষ্টমত শনি মঙ্গল থাকে, তেন্তে মৃত্যু সম্ভাৱনা থাকে । যাৰ অষ্টমত চন্দ্র, চতুর্থত শনি থাকে, তেন্তে তিনি মাহত ৰিষ্ট পৰে,    আৰু যাৰ লগ্নৰ সপ্তমত পাপগ্রহ, দ্বাদশত, অশুভগ্রহ থাকে,  আৰু যাৰ সপ্তমত ৰবি,  সেই ৰাশি যদি তুলা, কর্কট, মকৰ, মেষ হয়,   তেন্তে তিনি দিনতে ৰিষ্ট পৰে । যাৰ সূৰ্যৰ ...

বৰ্ষ চক্ৰ । Barsa Chakra । বৰ্ষ চক্ৰ গণনা ।। আপোনাৰ বৰ্ষ চক্ৰৰ ফলাফল চাওক ।। এটিয়া নিজৰ বৰ্ষ চক্ৰ নিজেই গণনা কৰিব পাৰিব

Image
 আপোনাৰ বৰ্ষ চক্ৰ বিচাৰ কৰাৰ আগতে আপোনাৰ নক্ষত্ৰ কি সেইটো জানি লব লাগিব ।।   আপোনাৰ নক্ষত্ৰ কেনেকৈ জানিব -  তলত ২৭ টা নক্ষত্ৰৰ চৰন বা পাদ আৰু লগতে নক্ষত্ৰৰ সংখ্যা উল্লেখ কৰা হৈছে  ।  প্ৰতিটো নক্ষত্ৰৰ চাৰিটাকৈ পাদ বা চৰন থাকে । ধৰক আপোনাৰ নাম  'নিপন' , নিপনৰ আদ্যাখৰ  'নি' । এটিয়া তলৰ নক্ষত্ৰৰ তালিকাখন চাওক ;  'নি' আদ্যাখৰটো কোনটো  নক্ষত্ৰৰ  কিমান নম্বৰ চৰনত পৰে আৰু নক্ষত্ৰৰ সংখ্যা কিমান হয়  ।           নক্ষত্ৰৰ চৰন বা পাদ    ১ অশ্বিনী -- চু, চে, চো, ল,  ২  ভৰণী – লি, লু, লে, লাে,  ৩  কৃতিকা -- অ, ই, উ, এ   ৪ ৰােহিণী – ও, ব, বি, বু,  ৫  মৃগশিৰা -- বে, বাে, ক, কি,  ৬  আদ্রা -- কু, ঘ, ঙ, ছ,  ৭  পুনর্বসু -- কে, কো, হ, হি,   ৮  পুষ্যা -- হু, হে, হাে, ড়,   ৯  অশ্লেষা – ডি, ডু, ডে, ডাে,   ১০ মঘা -- ম, মি, মু, মে,   ১১ পূর্বফাল্গুনী – মে, ট, টি, টু,   ১২ উত্তৰ ফাল্গুনী – টে, টো, প, পি,  ১৩  হস্তা -পু,...

ৰাশিৰ ৰং । আপোনাৰ ৰাশি কি আৰু ইয়াৰ ৰং কি । Rashir rang । আপোনাৰ ৰাশিৰ ৰং কি জানি থওক।

Image
  ৰাশিৰ বৰ্ণ  (ৰং) প্ৰত্যেক ৰাশিৰ একোটা নিৰ্দিষ্ট বৰ্ণ বা ৰং থাকে । আপোনাৰ ৰাশিৰ ৰং কি জানি লওক।  মেষ ৰাশি -- ৰক্ত বর্ণ বা ৰঙা  বৃষ ৰাশি -  শুক্ল বর্ণ বা বগা  মিথুন ৰাশি – হৰিৎ বর্ণ (সেউজীয়া)। কর্কট ৰাশি -- ইষৎ কৃষ্ণ বর্ণ (পাতল ক'লা ৰং)। সিংহ ৰাশি -  পাণ্ডু বর্ণ (পাতল বগা - হালধীয়া মিশ্রিত ৰং)। কন্যা ৰাশি -  নানা বর্ণ। তুলা ৰাশি -  কৃষ্ণ বর্ণ বা মিঠাবৰণিয়া বৃশ্চিক ৰাশি – সুবর্ণ বর্ণ (সােণালী ৰং)। ধনু ৰাশি -  পীত বর্ণ ( হালধীয়া)। মকৰ ৰাশি - শ্বেত ৰক্ত বর্ণ ( বগা ৰঙা মিহলি ৰং)। কুম্ভ ৰাশি -  কপিলা ( হালধীয়া-মুগা বৰণৰ)। মীনৰাশি – মালিন বর্ণ (অপৰিষ্কাৰ)। বৰাহৰ মতে স্বচ্ছ বর্ণ (নির্মল ফটফটীয়া)। ৰাশি সমূহ নিজৰ বৰ্ণ অনুযায়ী কিছু  চৰিত্ৰ  প্ৰকাশিত হয় ।

যুতবেধ। যামিত্ৰ বেধ । যুত বেধ আৰু যামিত্র বেধ কাক কয় । joot bedh । Jamitra bedh । Joot bedh aru jamitra bedh kaak koi

Image
  যুতবেধ চোৱাৰ নিয়ম যি দিনা বিয়া পাতিব খােজে,  সেই দিনা যি নক্ষত্র হয়, সেই নক্ষত্ৰৰ পৰা যি ৰাশি হয়,  সেই ৰাশিত যদি পাপগ্রহ থাকে,  তেন্তে সেইদিনা বিয়া পাতিলে বিধবা হয় ।  মঙ্গল, ৰবি, শনি, ৰাহু, কেতু, এই কেইটা গ্ৰহ পাপগ্রহ বােলে ;  এই  সকলৰ  লগত যদি বুধ  যুক্ত  তেন্তে বুধো পাপ  গ্রহ হয় । যামিত্র বেধ   বিয়া পাতিবৰ দিনা যি নক্ষত্র হয়, সেই নক্ষত্ৰত যি ৰাশি হয়,  সেই ৰাশিৰ পৰা যদি সপ্তমত  ৰবি, শনি, মঙ্গল থাকে তেন্তে যামিত্র বেধ হয় ।  সেইদিনা বিবাহ পাতিব নেপায় ।  যদি বাধ্য হয় তেন্তে পুৰোহিত্য ব্ৰাহ্মণক সােণ দান কৰি বিয়া পাতিব পাৰিব  ।

বিবাহৰ কাৰণে কি কি মাহ শুভ । বিবাহৰ বাৰ আৰু তিথি । বিবাহৰ মাহ । বিবাহৰ বােগ আৰু নক্ষত্র । Bibahar karone ki ki mah xubho

Image
  বিবাহৰ বাৰ আৰু তিথি ৰবি, শনি, মঙ্গল এইকেটা বাৰত বিয়া পাতিব নালাগে, বাকী কেইটা বাৰ শুভ । নিশা বাৰৰ দোষ নাথাকে, তথাপি বাৰ অশুভ ।  বিবাহত বাৰৰ দোষ হলে ব্ৰাহ্মণক ধান দান কৰিব । আঁউসী, প্রতিপদ, তৃতীয়, চতুর্থী, নৱমী, চতুর্দশী এই কেইটা তিথি বিবাহৰ কাৰণে অশুভ,  বাকী কেইটা তিথি শুভ ।  তিথি বেয়া হলে আৰৈ চাউল দান কৰিব । বিবাহৰ বােগ আৰু নক্ষত্র মূলা, মঘা, অনুৰাধা, ৰােহিণী, উত্তৰফল্গুণী, উত্তৰাষাঢ়া, উত্তৰভাদ্রপদ, ৰেৱতী, হস্তা, স্বাতী, মৃগশিৰা, এই কেইটা নক্ষত্র বিবাহৰ ক্ষেত্ৰত শুভ,  বাকী কেইটা অশুভ । ব্যাতিপাত, পৰিঘ, অতিগণ্ড, বৈধৃতি, ব্যাঘাত, হর্ষণ, শূল, গণ্ড, বিষকুম্ভ, এইকেইটা যােগ বিবাহৰ কাৰণে  বেয়া,  বাকী কেইটা ভাল ।  যোগ বেয়া হ'লে  তিল, আৰু  লােণ দান কৰিব ।   নক্ষত্র বেয়া হ'লে ব্ৰাহ্মণক ধান দান কৰিব । বিবাহৰ মাহ আষাঢ় মাহত বিয়া পাতিলে ধন নষ্ট হয়,  শাওনত সন্তান হানি হয়,   ভাদত অশুভ,  আহিনত কন্যাৰ মৃত্যু, কাতি মাহত বিয়া পাতিলে ৰােগযুক্তা হয়,  পুহত ভ্রষ্টা, চ’তত মদনােন্মত্তা হয় । বাকী মাহত বোৰত বিয়া ...

ঘাতক চন্দ্ৰ । ঘাতক চন্দ্ৰ কাক কয় । Ghatak chandra l Ghatak chandra kak koi

Image
  ঘাটক চন্দ্ৰ   মেষ ৰাশিৰ মানুহৰ কাৰণে যি দিনাৰ পঞ্জিকাত চন্দ্ৰ মেষ ৰাশিত থাকে সেইদিনা মেষ ৰাশিৰ ঘাট চন্দ্ৰ হয় ।  অৰ্থাৎ মেষ ৰাশিৰ ঘাট চন্দ্ৰ  মেষ ৰাশিয়েই হয় (প্ৰথম) ।   বৃষৰ ৰাশিৰ পঞ্চম অৰ্থাৎ কন্যা ৰাশি হয়, মিথুনৰ নৱম, কর্কটৰ দ্বিতীয়,   সিংহৰ যষ্ঠ,   কন্যাৰ দশম, তুলাৰ তৃতীয়,   বৃশ্চিকৰ সপ্তম,  ধনুৰ চতুর্থ,  মকৰৰ অষ্টম,   কুম্ভৰ একাদশ,  মীনৰ দ্বাদশ,   এনেকৈ নিজৰ ৰাশিৰ অনুপাতে লেখ কৰি গলে যি ৰাশি পৰে সিয়েই সেই ৰাশিৰ ঘাট চন্দ্র হয় ।  ঘাট চন্দ্ৰত বিবাহ, যাত্রা আদি কৰিব নালাগে  । সিংহ ৰাশিৰ কাৰণে তৃতীয়া তিথি আৰু  যি দিনাৰ পঞ্জিকাত সিংহ ৰাশিৰ দিনা শনিবাৰ হয়, সেইদিনা সিংহ ৰাশিৰ ঘাট চন্দ্ৰ হয় ।