মেষ ৰাশি । Aries । মেষ ৰাশিৰ স্বভাব চৰিত্ৰ । আপোনাৰ মেষ ৰাশি যদি আপোনাৰ ব্যক্তিগত স্বভাব জানি লওক

 ।।    মেষ ৰাশি  Aries  ।। 

১/২/৩ নক্ষত্র

মেষ ৰাশিৰ আদ্যাক্ষৰ ‘অ’ ‘ল’। নভােমণ্ডলৰ নক্ষত্রপুঞ্জৰ অশ্বিনী নক্ষত্ৰৰ ৪ পাদ আৰু ভৰণী নক্ষত্রৰ ৪ পাদ আৰু কৃত্তিকা নক্ষত্রৰ  ১ পাদ মুঠ ৯ পাদ লৈ মেয ৰাশি গঠিত ।  




মেষ ৰাশি অগ্নি চিহ্নিত পুৰুষ কাৰক গ্রহ, আৰু  চৰ স্বভাব বিশিষ্ট গ্রহ । 


মেষ ৰাশিৰ অধিপতি গ্রহ মঙ্গলৰ কাৰকতাত জাতক-জাতিকা অলপ চঞ্চল স্বভাব বিশিষ্ট হয় ।


জাতক জাতিকা সচৰাচৰ ত্যাগী, সদাচাৰী আৰু বিলাসী হয় । শিশু অৱস্থাত জাতক জাতিকা অকস্মাত গভীৰ খং প্ৰকাশ ঘটে আৰু সাধাৰণতে অবাধ্য, ক্রুদৃষ্টিযুক্ত আৰু জেদী হয় ।


মেষ ৰাশিৰ জাতকৰ দীৰ্ঘ শৰীৰ হয় । যিটো কাম আৰম্ভ কৰে শেষ নকৰা পৰ্যন্ত শান্তি নাপায় । জাতক দান কৰি ভাল পোৱা স্বভাবৰ হয় । কলা,  বিজ্ঞান, সংগীতৰ প্ৰতি যথেষ্ট ৰুচি থাকে ।


 কোষ্ঠীত ৰাশ্যাধিপতি মঙ্গল শুভ ভাবত অৱস্থান কৰিলে জাতক-জাতিকাই আৰক্ষী, প্রতিক্ষা, কাৰিকৰী, শিক্ষা, কৃষি, ইঞ্জিনীয়াৰিং, পশুপালন, উদ্যোগ, কল-কাৰখানা, প্রশাসন বিভাগ, শল্য চিকিৎসা আৰু ঠিকা আদি চুক্তিমূলক কামৰ দ্বাৰা জীৱিকা নির্বাহ কৰাৰ যােগ আছে । 


মেষ ৰাশিৰ  জাতক জাতিকা আত্ম কেন্দ্ৰিক হয় ।  মেষ ৰাশি প্ৰথম ৰাশি হোৱাৰ কাৰণে জাতক জাতিকা কিছু শিশু সুলভ আচৰণ দেখা যায় ।  নিজৰ ইশ্চা মতে সকলো কৰ্ম্ম কৰিব বিচাৰে ।


ৰাশ্যাধিপতি মঙ্গল অশুভ ভাবত অৱস্থান কৰিলে জাতক-জাতিকাই বায়ু, কফ, পিত্তৰােগ, শিৰঃপীড়া, ৰক্তপীড়া, কোষ্ঠকাঠিন্য, অস্থিভংগ ৰােগত আক্রান্ত হােৱাৰ লগতে অগ্নি, অস্ত্রভয়, দুর্ঘটনাদি সঘনে সংঘটিত হােৱাৰ আশঙ্কা থাকে । মঙ্গল গ্রহৰ ৰক্তপ্রবাল ১০ কেৰেট ধাৰণ আজীৱন কর্তব্য । 


অশুভ তিথি-  প্ৰতিপদ, ষষ্ঠি, একাদশী । 

অশুভ বাৰ-  ৰবিবাৰ  ।

অশুভ মাহ - কাতি মাহত ।

শুভ তাৰিখ- প্ৰতি মাহৰ  ৯, ১৮, ২৭ তাৰিখ  ।

শুভ তিথিৰ - তৃতীয়া আৰু দ্বাদশী তিথি  ।

শুভ বাৰ- মঙ্গল বাৰ ।

শুভ ৰং - ৰঙা  ।


মেষ ৰাশিৰ অধিপতি গ্রহ মঙ্গল

দান -  ৰঙাবস্ত্ৰ, তাম্ৰ, ঘি, আৰ ভোজ্য সহ দক্ষিণা ।


মেষ ৰাশিৰ কাৰণে ৰবি, মঙ্গল, বৃহস্পতি শুভকাৰক । শুক্র, শনি, বুধ অশুভগ্রহ । শুক্র মাৰক গ্রহ । শুক্র  হীৰা ধাৰণ কৰ্ত্তব্য ।



<><><><><><><><><><><><><><><><><><>


জন্ম পত্ৰিকা


আমাৰ ইয়াত কম্পিউটাৰ পদ্ধতিৰ দ্বাৰা আৰু হাতে লিখা পদ্ধতিৰ দ্বাৰা  নিখুঁত জন্মপত্ৰিকা  আৰু কোষ্ঠী  প্ৰস্তুত কৰা হয় । 

আপোনাৰ নবজাতকৰ নামকৰণ তথা জন্মপত্ৰিকা আৰু কোষ্ঠী প্ৰস্তুত কৰিবৰ বাবে যোগাযোগ কৰিব পাৰে ।

দূৰভাষ - ৯৬৭৮৮৯৫৬৭৩  ( হোৱাটস অ্যাপ )

ইমেইল - ck407801@gmail.com


দূৰ দূৰণিৰ পৰা অহা আপোনাৰ অৰ্ডাৰ সমূহ পিডিএফ ফাইলৰ যোগেদি হোৱাটস অ্যাপৰ মাধ্যমত প্ৰেৰণ কৰা হব ।  আৰু আপুনি প্ৰিন্ট কৰি উলিয়াই লব পাৰিব  ।

জন্ম পত্ৰিকা আৰু কোষ্ঠী প্ৰস্তুত কৰিবৰ বাবে  নবজাতকৰ জন্মৰ তাৰিখ আৰু জন্মৰ সময়,  মাক দেউতাকৰ নাম,  স্থায়ি ঠিকনা  আৰু হোৱাটস অ্যাপ নম্বৰ আমালৈ প্ৰেৰণ কৰিব লাগিব  ।  আমাৰ হোৱাটস অ্যাপ নম্বৰ আৰু ইমেইল  আইদি ওপৰত দিয়া আছে  ।

অনলাইন পে' কৰিবৰ কাৰণে আমাৰ ফোনপে' নম্বৰ ৯৬৭৮৮৯৫৬৭৩  আৰু  ইউপিআইদি  9678895673@ybl  

 

মাননী  সমূহ - 

জন্মপত্ৰিকা প্ৰস্তুত  ৩০১ টকা  ।   হাতেলিখা   ২০১ টকা

কোষ্ঠী প্ৰস্তুত  ২১৫১ টকা  ( দশা বিচাৰ সহ ), হাতেলিখা কোষ্ঠী ১৫৫১ টকা লোৱা হয় ।   


卐  জন্ম পত্ৰিকাৰ আৰ্হি 


卐  

আমাৰ সম্পূৰ্ণ ঠিকনা

শ্ৰী চন্দন কটকী
গাওঁ - নিজধিং, পোঅঃ - ধিং
জিলা - নগাঁও  ( অসম )
পিন- ৭৮২১২৩
দূৰভাষ- ৯৬৭৮৮৯৫৬৭৩
__________________________________


ॐॐॐॐॐॐॐॐॐॐ ॐॐॐॐॐॐॐॐॐॐॐॐॐ


Comments

Post a Comment

Popular posts from this blog

বৰ্ষ চক্ৰ । Barsa Chakra । বৰ্ষ চক্ৰ গণনা ।। আপোনাৰ বৰ্ষ চক্ৰৰ ফলাফল চাওক ।। এটিয়া নিজৰ বৰ্ষ চক্ৰ নিজেই গণনা কৰিব পাৰিব

অদ্ভুত গণনা জ্যোতিষ । মঙ্গল চোৱাৰ নিয়ম । গৰু,মহ, ছাগলী ইত্যাদি জন্তু হেৰালে মঙ্গল চোৱাৰ নিয়ম । Adbhut ganana jyotish । adbhut । mangal

গায়ত্ৰী । গায়ত্ৰী মন্ত্র । Gaytri । লগুন । Logun । পূৰণা যজ্ঞোপবীত কেনেকৈ সলাব । ব্ৰাহ্মণৰ লগুন ধাৰণ কৰাৰ মন্ত্র । যজ্ঞোপবীত বন্ধাৰ নিয়ম