বৰ্ষ চক্ৰ । Barsa Chakra । বৰ্ষ চক্ৰ গণনা ।। আপোনাৰ বৰ্ষ চক্ৰৰ ফলাফল চাওক ।। এটিয়া নিজৰ বৰ্ষ চক্ৰ নিজেই গণনা কৰিব পাৰিব

 আপোনাৰ বৰ্ষ চক্ৰ বিচাৰ কৰাৰ আগতে আপোনাৰ নক্ষত্ৰ কি সেইটো জানি লব লাগিব ।।  

আপোনাৰ নক্ষত্ৰ কেনেকৈ জানিব -  তলত ২৭ টা নক্ষত্ৰৰ চৰন বা পাদ আৰু লগতে নক্ষত্ৰৰ সংখ্যা উল্লেখ কৰা হৈছে  ।  প্ৰতিটো নক্ষত্ৰৰ চাৰিটাকৈ পাদ বা চৰন থাকে ।

ধৰক আপোনাৰ নাম  'নিপন' , নিপনৰ আদ্যাখৰ  'নি' । এটিয়া তলৰ নক্ষত্ৰৰ তালিকাখন চাওক ;  'নি' আদ্যাখৰটো কোনটো  নক্ষত্ৰৰ  কিমান নম্বৰ চৰনত পৰে আৰু নক্ষত্ৰৰ সংখ্যা কিমান হয়  ।

       

 নক্ষত্ৰৰ চৰন বা পাদ 

  ১ অশ্বিনী -- চু, চে, চো, ল,

 ২  ভৰণী – লি, লু, লে, লাে,

 ৩  কৃতিকা -- অ, ই, উ, এ

  ৪ ৰােহিণী – ও, ব, বি, বু,

 ৫  মৃগশিৰা -- বে, বাে, ক, কি,

 ৬  আদ্রা -- কু, ঘ, ঙ, ছ,

 ৭  পুনর্বসু -- কে, কো, হ, হি,

  ৮  পুষ্যা -- হু, হে, হাে, ড়,

  ৯  অশ্লেষা – ডি, ডু, ডে, ডাে,

  ১০ মঘা -- ম, মি, মু, মে,

  ১১ পূর্বফাল্গুনী – মে, ট, টি, টু,

  ১২ উত্তৰ ফাল্গুনী – টে, টো, প, পি,

 ১৩  হস্তা -পু, পাে, ন, ঠ,

 ১৪  চিত্রা -- পে, পাে, ৰ, ৰি,

  ১৫ স্বাতী -- ৰু, ৰে, ৰাে, ত,

  ১৬ বিশাখা – তি, তু, তে, তাে,

  ১৭ অনুৰাধা - ন, নি, নু, নে

 ১৮  জ্যেষ্ঠা - নাে, য, যি, যু,

 ১৯  মূলা - যে, যযা, ভ, ভি,

  ২০ পূর্বৰ্ষাঢ়া - ভু, ধ, ফ, ঢ,

 ২১  উত্তৰষাঢ়া -- ভে, ভো, জ, জি,

  ২২ অভিজিৎ - জু, জে, জো, খ,

  ২৩ শ্ৰৱণা – খি, খু, খে, খাে,

  ২৪ ধনিষ্ঠা – গ, গি, গু, গে,

  ২৫ শতভিষা - গাে, শ, শি, শু,

  ২৬ পূর্বভাদ্রপদ – শে, শাে, দ, দি,

  ২৭ উত্তৰ ভাদ্রপদ – দ, ধ, ঝ, ঞ,

 ২৮  ৰেৱতী – দে, দো, চ, চি,

(বি. দ্র. ই কাৰৰ ঠাইত ঈ কাৰাে প্রযােজ্য হ'ব।)


আমি ওপৰৰ নক্ষত্ৰৰ তালিকাখন চাই জানিলো যে  'নি' আদ্যাখৰটো  অনুৰাধা  নক্ষত্ৰৰ  দ্বিতীয় চৰনত পৰে  । আৰু নক্ষত্ৰৰ অঙ্ক সংখ্যা  '১৭' হয়  ।

এটিয়া আমি তলত থকা বর্ষ চক্র গণনাৰ তালিকাখন চাবলাগিব,  ইয়াত  ১৭  সংখ্যাটো কোনটো স্থানত আছে ।

   বর্ষ চক্র গণনা 

শকাব্দাঃ ১৯৪৩  সন ১৪২৮ ইং ২০২১


পৰ্ব্বতে   ২৪ / ২৫/ ২৬
ফলং        ধনাগমঃ          - ধন আগমন হব

চক্রে     ২৭ /১ /২
ফলং        দৰিদ্রতা           - কিছু দুঃখ আহিব 

সমূদ্রে      ৩ /৪ / 
ফলং       ভাসনং              - বেছিকৈ কথা কব

স্বর্গে      ২১/ ২২ /২৩
ফলং      সুখং                  - সুখ আহিব

ক্রোড়ে    ১৮ /১৯/২০
ফলং     সর্ব্বসুখং        - সকলো দিশৰ পৰা সুখ আহিব

ধৰণ্যাং     ৬/ ৭ /
ফলং      পুত্র সম্পত্তি    - পুত্ৰ জন্ম / পুত্ৰৰ পৰা সুখি হব

গগণে     ১৫/১৬/১৭
ফলং     মানভঞ্জনং       - মান হানি হব

শঙ্খে    ১২ /১৩/১৪
ফলং     মহতীলক্ষ্মীঃ     -  ধন আৰু আনন্দ আহিব 

ৰসাতলে    ৯/১০/ ১১
ফলং        মৰণং          - অতি বেয়া / ৰোগ হব পাৰে


গতিকে আমি জানিলো যে  ১৭ সংখ্যাটো পৰ্ব্বতে স্থানত আছে,  ফল - ধনাগম ।  বৰ্ষ চক্ৰৰ ফলাফল প্ৰত্যেক বছৰে সালসলনি হৈ থাকে ।

 এনেকৈয়ে বৰ্ষ চক্ৰৰ ফলাফল গণনা কৰিব ।  


বৰ্ষ চক্ৰ অশুভ ফলাফলৰ  প্ৰতিকাৰ কৰিব ।


  প্ৰতিকাৰ 

বর্ষ চক্র ফলং  স্বর্গে চ সুখমাপ্লোতি পৰ্ব্বতে চ ধনাগমঃ । চক্রে দৰিদ্ৰতামেতি সমুদ্রে ভাসনম ফলং । ধৰণ্যাং পুত্রসম্পত্তি মৰণঞ্চ ৰসাতলে ।  শঙ্খে লক্ষ্মীৰ্গগনে মানভঞ্চনং । ক্রোড়ে চ সুখমাপ্লোতি বর্ষচক্ৰস্য লক্ষনং ।

বর্ষদোষ ঃ  চক্রে ছত্রং প্রদাতব্যং সমূদ্রে চ সুশস্যক । ৰজতং হেমবস্ত্রঞ্চ তাম্ৰঞ্জ গগণে তথা ।
ঘূত তণ্ডুল পূর্ণঞ্চ কুম্ভং দদ্যাৎ ৰসাতলে ।

নিজ জন্ম নক্ষত্র সংখ্যা বর্ষ চক্ৰত পৰিলে ছাতিদান,   সমুদ্রত পৰিলে শস্যদান,   ৰসাতলত পৰিলে ঘিউ, চাউল সােণ,   গগণত ৰূপ, সােণ, কাপােৰ আৰু তাম ভক্তিভাৱে সূৰ্য্যবংশীয় ব্রাহ্মণক দান কৰিলে অশুভ বর্ষদোষ নাশ হ’ব ।










Comments

Popular posts from this blog

অদ্ভুত গণনা জ্যোতিষ । মঙ্গল চোৱাৰ নিয়ম । গৰু,মহ, ছাগলী ইত্যাদি জন্তু হেৰালে মঙ্গল চোৱাৰ নিয়ম । Adbhut ganana jyotish । adbhut । mangal

গায়ত্ৰী । গায়ত্ৰী মন্ত্র । Gaytri । লগুন । Logun । পূৰণা যজ্ঞোপবীত কেনেকৈ সলাব । ব্ৰাহ্মণৰ লগুন ধাৰণ কৰাৰ মন্ত্র । যজ্ঞোপবীত বন্ধাৰ নিয়ম