অদ্ভুত গণনা জ্যোতিষ । মঙ্গল চোৱাৰ নিয়ম । গৰু,মহ, ছাগলী ইত্যাদি জন্তু হেৰালে মঙ্গল চোৱাৰ নিয়ম । Adbhut ganana jyotish । adbhut । mangal

 

বিজ্ঞ সকলৰ পৰম আদৰৰ ধন

সৰল অসমীয়া ভাঙণী

অদ্ভুত গণনা জ্যোতিষ

 ধলৰ সত্ৰৰ

শ্ৰী তীর্থনাথ গোস্বামীৰ দ্বাৰা ভাঙণী

সংগৃহীত আৰু প্রকাশিত ।

সকলো পুথি সস্তাত পােৱাৰ ঠিকনা ।

জেনাৰেল এজেঞ্চী কোং যােৰহাট গটঙ্গা পোঃ অঃ 

মুকূলি মুৰীয়া সত্ৰৰ

 শ্ৰীশ্ৰী কীৰ্ত্তি চন্দ্র দেব ভট্টাচাৰ্য গোস্বামীৰ 

দ্বাৰা সংশোধিত


২য় তাঙ্গৰণ ।


ভূমি কম্পৰ অদ্ভুত কথন।

উত্তৰফল্গুণী, হস্তা, চিত্রা, স্বাতী, পুনৰ্ব্বসু, মৃগশিৰা, অশ্বিনী এইকেইটা বায়ু, মণ্ডলৰ নক্ষত্র, এইকেইটা নক্ষত্রৰ ভিতৰত যদি কোনো এটাত ভূমিকম্প হয়, তেনেহলে সেই ভূমিকম্প সাতদিনৰলৈকে থাকিব পাৰে । অৰ্থাৎ ভূমিকম্প হােৱা দিনৰ পৰা সাত দিনৰ ভিতৰত পুনৰ্বাৰ ভূমিকম্প হব । তাৰ ফল পৃথিবীত শস্য নষ্ট, জল হীন গছলতা ঔষধাদি নষ্ট হয় । জ্বৰ কাহ ইত্যাদি ৰােগে প্রজাক পীড়া কৰে। বৈদ্য আদি সদ স্বভাবৰ স্ত্রী পূন্যবন্ত লােক সকলৰ দুঃখ ভোগ হয়।



পুষ্যা, কৃত্তিকা, বিশাখা, ভৰণী, মঘা, পূৰ্ব্বভাদ্রপদ  আৰু পূৰ্ব্বফল্গুণী এই সাতোটি অগ্নি মণ্ডলৰ নক্ষত্র, এই কেইটা নক্ষত্ৰৰ ভিতৰত যদি কোনো এটিত ভূমিকম্প হয়, তেনেহলে সেই ভূমিকম্পও সাত দিনলৈ থাকিব। তাৰ ফল পৃথিবীত অনাবৃষ্টি, বিল পুখুৰি আদি কৰি নদী জলহীন হব লাগে। ৰজা বিলাকৰ পৰস্পৰ কাজিয়া উপস্থিত হৈ যুদ্ধ বিগ্ৰহ হব লাগে। প্রজা বিলাকৰ জৰ নৰীয়া ইত্যাদি ৰােগে পীড়া কৰিব, আৰু পৰ্বত নিবাসী বিলাকৰো  মহা দুঃখ লাগে ।


অভিজিৎ, শ্রাবণা, ধনিষ্ঠা, ৰােহিণী, জ্যেষ্ঠা, উত্তৰষাঢ়া, আৰু অনুৰাধা এই সাতোটি ইন্দ্ৰ মণ্ডলৰ নক্ষত্র। এই কেইটা নক্ষত্রৰ ভিতৰত যদি কেনাে এটিত ভুমিকম্প হয়, তেনেহলে পৃথিবী শস্যৰ আবশ্যক মতে বৰষুণ হয় অৰণ্য বাসী জন্তু বােৰৰ বৃদ্ধি হয়। আৰু উচ্চ জাতি ৰজা মন্ত্ৰীৰ মৃত্যু হয়। প্সৰজা সকলৰ নানাৰকম জ্বৰ কাহ ভেদ বমি ইত্যাদি ৰােগে পীড়া কৰে।


ৰেৱতী, পূৰ্ব্বষাঢ়া, আদ্রা, অশ্লেষা, মূলা, উত্তৰভাদ্রপদ আৰু শতভিষা, এই সাতটি বৰুণ মণ্ডলৰ নক্ষত্র  । এই সাতােটি নক্ষত্ৰৰ ভিতৰত যদি কোনাে এটি নক্ষত্রত ভুমিকম্প হয়, তেনেহলে বহুত বিজুলী গৰ্জন কৰি বৰষুণ হব, সেই বৰষুণত বহু পৰিমানে পৃথিবীত  শস্য বৃদ্ধি হব । আৰু ৰজাবােৰৰো উভয়ে মিত্রতা হৈ যুদ্ধাদি নিবৃত্তি হব। নদী ও সমুদ্র কাষৰিয়া নিবাসী লােক বিলাক মৃত্যুৰ সম্ভব, এই বােৰ ভূমিকম্পৰ ফল ছয় মাহৰ শেষতহে  ঘটিব ।


যদি বেলা মণ্ডল অগ্নিহয়, নক্ষত্র মণ্ডল যদি বায়ূ হয় কিম্বা বেলা মণ্ডল বায়ূ নক্ষত্র মণ্ডল অগ্নি হয়,  এই দুই মণ্ডল যােগে যদি ভূমিকম্প হয়  তেনে হলে দেশৰ প্ৰধান ৰজা মৰিব লাগে। আৰু দুর্ভিক্ষ মাৰীভৰ আদি অনাবৃষ্টি হব লাগে ।


নক্ষত্র বা বেলা মণ্ডল যদি এটা বৰুণ মণ্ডল হয়,  এটা যদি ইন্দ্র মণ্ডল, হয় তেনে সেই দুই মণ্ডলত যদি ভূমিকম্প হয়, তেনেহলে ৰাজ্যত সুভিক্ষ সুবৃষ্টি হয় প্রজা সকলৰ পৰম্পৰ পৰম প্রীতি হয় ৰজা বিলাকৰো  যুদ্ধাদি নিবৃত্তি হৈ পৰস্পৰ মিত্র ভাব থাকে।


একে মাহত দুই তিনটি কিম্বা ততোধিক ভূমিকম্প হলে বা দিনটোৰ ভিতৰত তিনি চাৰিটা ভূমিকম্প হলে প্রধান ৰজাৰ মৃত্যু হব লাগে ।


আঘােণ, চৈত্র, ভাদ্র এই তিনি মাহত ভূমিকম্প হলে কাছ

লৰে।  আহিন, আহাৰ এই দুই মাহত ভূমিকম্প হলে অনন্ত লৰে।  বহাগ, জেঠত ভূমিকম্প হলে হাতী লৰে । কাতি, মাঘ, ফাগুন, আৰু শাওন এই চাৰি মাহত ভূমিকম্প হলে পৰ্বত লৰে ।  কাছ লৰিলে মাৰী মৰক হব, অনন্ত লৰিলে দুর্ভিক্ষ দুৰ্ভিক্ষ হয়,  হাতী, পৰ্বত লৰিলে ৰজাৰ সম্পদ হয় । 


ৰবি, মঙ্গল, শনিবাৰে ভূমিকম্প হলে মনুষ্যৰ পীড়া, অথবা ৰজাৰ ৰাজ্য নষ্ট হব,  নাইবা পৰম্পৰ ৰজাৰ যুদ্ধ হয়।


যি সময়ত ভূমিকম্প হয় সেই সময়ত যদি মীন কর্কট মকৰৰ লগ্ন হয়,  তেনেহলে কাছ লড়ে । কুম্ভ মিথুন তুলা লগ্নত ভূমিকম্প হলে অনন্ত লৰে । সিংহ ধনু কন্যা লগ্নত পৰ্বত লৰে ।  বৃষ বৃশ্চিক লগ্নত হাতী লড়ে ।


কাছ লড়িলে ঘােৰ মাৰী পীড়া হয়, অনন্ত লড়িলে দুর্ভিক্ষ হয়, পৰ্বত অৰুি হাতী লড়িলে শস্যবৃদ্ধি হয় ।




মঙ্গল চোৱাৰ নিয়ম

যিদিনা কোনো মানুহে মঙ্গল ছোৱাবলৈ আহে, সেই দিনাৰ তিথিৰ অংক,   নক্ষত্রৰ অংক,  মাহৰ অংক, বাৰৰ অংক, এটাই বােৰ যােগ কৰি যােগ ফলক আঠেৰে হৰণ কৰিব ।   হৰণ কৰাত যি বাকী থাকিব, সেই বাকী অনুসাৰে ফল হব ।  বাকীৰ সংখ্যাক এই দৰে গণনা কৰিব,  যেনে- ১ বাকী থাকিলে ধ্বজ,  ২ থাকিলে ধুম্ৰ,   ৩ থাকিলে সিংহ,    ৪ থাকিলে শ্বান,      ৫ থাকিলে বৃষ,   ৬ থাকিলে খৰ,  ৭ থাকিলে গজ, আৰু  ০ শূন্য থাকিলে ধ্বাঙ্ক্ষ গণনা হয় ।


এটা মানুহ আহি কিহৰ দোষত নৰীয়া পৰিছে বুলি

প্রশ্ন কৰিলে ওপৰত কৈ অহা মতে  তিথি, বাৰ, নক্ষত্র, মাহ এই বোৰৰ অঙ্ক যােগ কৰি আঠেৰে হৰণ কৰি উত্তৰ

দিব ।  যেনে এক বাকী থাকিলে  ধ্বজ সংজ্ঞা হয় দেৱতাৰ দোষ  ।  ধুম্ৰে ভগৱতীৰ দোষ,   সিংহে সূৰ্যৰ দোষ,    শ্বানে গ্রহদোষ,   বৃষে পিশাচৰ দোষ,    খৰে ব্যাধি পীড়া,   গজে দেব মণ্ডিৰৰ দোষ,   ধ্বাঙ্ক্ষে  বায়ু  মণ্ডলৰ দোষ ।


নৰীয়া কি প্রকাৰে ভাল হব এনে প্রশ্ন কৰিলে পুৰ্ব্বৱতে

হৰণ কৰি বাকী থকা অনুসাৰে উত্তৰ দিব ।   যেনে—ধবজে, খৰে ঈশ্বৰ সেউৱা অর্থাৎ নামকীৰ্ত্তন আদি শান্তি কৰ্ম্ম কৰিব ।  এইদৰে বৃষে, ধ্বাঙ্ক্ষে  ভগবতীৰ নামে অৰ্থাৎ যিমতে চলে সেই মতে সকাম কৰিব ।  গজে, ধূম্ৰে বৈদ্য চিকিৎসাত আৰোগ্য হব ।  সিংহে শ্বানে গ্রহৰ বাবে সকাম আদি কৰিব  ।

কৰিব। ৰােগীৰ হকে সকাম কৰি কাক খুৱালে ভাল হয়,

এনে প্রশ্ন কৰিলে উক্ত ৰূপে হৰণ কৰি উত্তৰ দিব ।

ধ্বজে, সিংহে,  ধ্বাঙ্ক্ষে বিপ্ৰক ভোজন কৰাব ।  ধুম্ৰে গৰখীয়া ল’ৰাক ভোজন কৰাব । শ্বানে গণকক ভোজন কৰাব ।  গজে কন্যা ভোজন কৰাব  আৰু  বৃষে, খৰে ভকত ভােজন কৰাব । 


প্রকাৰন্তৰে  ।

উপৰত কোৱা মতে হৰণ কৰাত,  যদি ধ্বজ, গজ, হয়, তেনে ৰোগী পুবদিশে গৈছিল,  কোনো জলৰ পাৰত বায়ু আকাৰে ভয় খালে ।  বৃষ, সিংহই পশ্চিমে গৈছিল,  এক বৃক্ষৰ গুৰিত শব্দৰ দ্বাৰা ভয় থালে ।  খৰে শ্বানে উত্তৰে গৈছিল, কোনাে ৰুপে তাতে ভয় খাই  ।   ধুম্র ধ্বাঙ্ক্ষই দক্ষিণে গৈছিল,   তাতে ভয় খাই হৃদয় কম্প হয় ।


পূর্ব্ববৎ হৰণ কৰাত ধ্বজ হলে বৃক্ষৰ দোষ জল পান কৰাব ।   ধুম্ৰ হলে যােগিণীৰ দোষ,  ভকতক পিঠাগুৰি খুৱাব ।  সিংহ হলে গুৰুৰ দোষ গুৰুয়ে দিব । শ্বান হলে দেৱতাৰ দোষ,  নাম পাঠ কৰিব ।  বৃষ হলে মৃতকৰ দোষ চিৰা খুৱাব ।  খৰ হলে ভগৱতীৰ দোষ,  গোপীনী সবাহ,  বা আই নামেৰে চাউল খুৱাব  ।  গজ হলে জলৰ দোষ, বগা হাঁহেৰে চাউল খুৱাব । ধ্বাঙ্ক্ষ হলে প্রেতৰ দোষ , সান্দহ খুৱাব ।


গৰু,মহ, ছাগলী ইত্যাদি জন্তু হেৰালে
মঙ্গল চোৱাৰ নিয়ম 

গৰু মহ ইত্যাদি কোনো জন্তু যি দিনা হেৰাই,  প্রথমতে কৃষ্ণপক্ষ নে শুক্লপক্ষ তাক চাই লব । আৰু সেইদিনা কি নক্ষত্র তাকে স্থিৰ কৰি চাই লৈ, সেই পক্ষ ও নক্ষত্র অনুসাৰে হেৰুৱা জন্তুৰ নির্ণয় কৰিব ।  যেনে কৃষ্ণপক্ষত কৃত্তিকা, মৃগশিৰা, পুনর্বসু, অশ্লেষা, উত্তৰফল্গুণী, উত্তৰষাঢ়া, ভৰণী, ৰেৱতী, পুৰ্ব্বভাদ্রপদ ধনিষ্ঠা ও অশ্বিনী এই এঘাৰটা নক্ষত্ৰত কোনো জন্তু হেৰালে, দক্ষিণ ফালে যায় । অর্থাৎ দক্ষিণে বিচাৰিলে পাব ।


ৰােহিণী, আৰ্দ্ৰা, পুষ্যা, মঘা, পূৰ্ব্বষাঢ়া, উত্তৰভাদ্রপদ, শ্রবণা, পূৰ্ব্বফল্গুণী, শতভিষা,  কৃষ্ণ পক্ষৰ এই নয়টা নক্ষত্রত কোনাে জন্তু হেৰালে উত্তৰ ফাললৈ বহু  দূৰ যায়  ।  হেৰুৱাৰ পৰা বাৰ দিনৰ বাদে বিছাৰি নেপাই ; বাৰদিনৰ ভিতৰত পালে পাব পাৰিব ।


হস্তা, স্বাতী, অনুৰাধা, আৰু মুলা কৃষ্ণপক্ষৰ এই চাৰিটা নক্ষত্ৰত হেৰালে পূব ফালে বিচাৰিলে ওচৰতে পাব ।

চিত্রা, বিশাখা, আৰু জেষ্ঠা কৃষ্ণ পক্ষৰ এই তিনটা

নক্ষত্ৰত হেৰালে পশ্চিম ফালে যায়,  বিছাৰি নেপাই ।


শুক্লপক্ষত, কৃত্তিকা, অশ্লেষা, পুৰ্ব্বষাঢ়া, স্বাতী, উত্তৰষাঢ়া, মৃগশিৰা, পুৰ্ব্বাফাল্গুণী, অনুৰাধা, ৰেবতী, পুৰ্বভাদ্রপদ এই কেইটা নক্ষত্রত হেৰালে দক্ষিণ ফালে যায়,  বিছাৰিলে ওছৰতে পাব ।


পুষ্যা, চিত্রা, ধনিষ্ঠা, উত্তৰভাদ্রপদ, শতভিষা, জেষ্ঠা,

উত্তৰফাল্গুনী, আদ্রা, ৰােহিণী, অশ্বিণী, শুক্লপক্ষৰ এই কেইটা নক্ষত্ৰত হেৰালে বহুদূৰ যায়,  বাৰ দিনৰ ভিতৰত বিছাৰি নেপালে,  বাৰ দিনৰ বাদে বিছাৰি নেপাই ।


পুনৰ্ব্বসু, হস্তা, মূলা, ভৰণী, শুক্লপক্ষ এই চাৰিটা নক্ষত্ৰত হেৰালে পুব ফালে বিছাৰিলে ওছৰতে পাব ।


মঘা, বিশাখা, শ্রবণা, এই তিনটা নক্ষত্ৰত শুক্লপক্ষত হেৰালে পশ্চিমে যায়,  বিছাৰি নেপাই ।



ৰবি গ্ৰহৰ অদ্ভুত কথন

হুদু,  কাউৰী,  বগলি,  শগুণ,  সেন,  চিলনী,  কপৌ, ফেঁচা এই বােৰৰ কোনাে এবিধ পক্ষী উৰি আহি ঘৰত পৰিলে,  উইৰ বাহত মৌ হলে, তামােল, নাৰিকল, তাল, কল এইবােৰৰ থোক চিগি পৰিলে, গৰ্ভত দাত গজি লৰা জন্ম হলে, ওপজা ল’ৰাই হাঁহিলে,  মুৰ, পােকৰ, লিঙ্গ নােহােৱা লৰা উপজিলে,  সাপৰ, বেঙৰ মুখেদি পোৱালী জন্মালে;  বতাহ নােহোৱাত গছ ভাগি পৰিলে, ঘৰত বজ্ৰ পৰিলে,  ঘৰত মাখি, মৌএ বাহ ললে এনেবােৰ অদ্ভুত ৰবি গ্রহৰ পৰা হয় । এই বােৰৰ কোনাে অদ্ভুত হলে ঘৰৰ গৃহিণী অমংগল হ'ব লাগে । এইবােৰ দোষৰ শান্তিৰ নিমিত্তে ববি গ্রহৰ মন্ত্ৰেৰে দধি, মধু, ঘৃত সহ আকন কাঠ মিশ্ৰ কৰি ৰবিবাৰে দশ হাজাৰ হােম কৰিব লাগিব । বা গ্ৰহযাগ গ্রহস্তব পাঠ কৰিলেও দোষ খণ্ডণ হব । অপাৰগে ১০৮ বাৰ হোম কৰিব ।  ইয়াকো কৰিব নোৱাৰিলে ৰঙা কাপোৰ সহিত ৰবি বাৰে ভােজনি ও দক্ষিণ সহ গণকক দিলেও দোষ খণ্ডন হয় ।


চন্দ্র গ্রহৰ অদ্ভুত কথন

তামোলৰ ভিতৰত আমৰ ভিতৰত সােণ, ৰূপ পালেআসন ভাগিলে, গােসাইৰ থাপনা এনেই লৰিলে,  নিজে বহি থকা আসন কাপিলে, ৰাতি হুদুৱে কান্দিলে, ফেঁচা ধোৰা কাউৰীৱে কান্দিলে,  কোকলোঙাই কান্দিলে, দুপতিয়া গছৰ পুলিয়ে ফুল বা গুটি ধৰিলে,  তাল ও তামােল গছৰ ঠাল মেলিলে,  বঁজা গছৰ গুটি ধৰিলে, ফুল মেলি গুটি লগা গছৰ ফুল নেমেলি গুটি লাগিলে, নেমেলা কৰি গুটি লাগিলে, ফুল নেমেলা গছৰ ফুল মেলি গুটি লাগিলে,  খাজুৰ গছৰ ঠাল মেলিলে, ঘৰত পৰি কুলি ফেঁচা এইবোৰে কান্দিলে ।  অকালতে গছ ফুলিলে,   কল গছৰ দুটা দিল মেলিলে,  শূন্যত ৰথ
ধ্বজ সিংহাসন বিচনী বা দর্পণ দেখিলে,  এইবােৰৰ কোনাে উৎপাত হলে চন্দ্র গ্রহৰ অদ্ভূত হয় ।   এনে অদ্ভুত হলে পুত্ৰ ভাৰ্য্যা আদিৰ ক্ষতি হব পাৰে আৰু বংশৰ সৈতে বিৰোধ ঘটিব পাৰে । ৰজাৰ হলে মন্ত্রীৰ ক্ষতি লাগে ।    এইবােৰৰ দোষ শান্তিৰ নিমিত্ত চন্দ্র গ্রহৰ মুল মন্ত্র দ্বাৰা দধি, মধু, 'ঘৃত এইবােৰ সহ মিশ্ৰ কৰি পলাশ কাঠৰ দশ হাজাৰ হোম কৰি সোণ দান কৰিব । গণকৰ দ্বাৰা গ্ৰহযাগ গ্রহস্তৱ পাঠকৰি নৱগ্ৰহৰ পূজা কৰিলে অদ্ভূতৰ দোষ খণ্ডন হব । অপাগে ১০৮ বাৰ হােম কৰিলেও দোষ খণ্ডন হব ইয়াকো কৰিব নোৱাৰিলে  চন্দ্ৰৰ বাবে বগা  বস্ত্ৰৰ সহিত ভােজনি  ও  দক্ষিণা সহ গণকক দিলেও দোষ  খণ্ডন হব ।

 

মঙ্গল গ্রহৰ অদ্ভুত কথন

এগৰাকী মানুহে একেবাৰেই তিনি চাৰিটা লৰা জন্ম দিলে,  জুই নােহােৱা ঠাইৰ পৰা ফিৰিঙ্গতী উঠিলে, লোহাৰ বস্তু মাটিত ওলালে,   ভজা বা সিজুৱা ধানৰ পৰা চাউলৰ গজালি মেলিলে,  দধি, দুগ্ধ, ঘৃত, এইবােৰ পগাওতে তেজ শুলালে,   মাটিত জুই জলিলে,   ঘৰৰ ভিতৰত কুহিয়াৰ অশােক  এইবোৰ গজিলে,   ডাৱৰ নােহােৱাকৈ বৰষুণ বা বিজুলি হলে,   শামুক, বােকা, মাচ এইবােৰৰ বৃষ্টি হলে,   মৰা চৰাই আহি ঘৰত পৰি মাতিলে,   ভাত ৰন্ধাত তেজ ওলালে,   বিনা  ৰােগত মানুহ গৰু মুচ্ছিত হলে,   এই বােৰৰ কোনো অদ্ভুত হলে মঙ্গল গ্রহৰ অদ্ভূত হয় ।  এই বােৰ ৰজাৰ হলে মন্ত্রী ক্ষতি হব লাগে  ।  গৃহস্থৰ হলে পুত্ৰ ভাৰ্যাৰ ক্ষতি হব লাগে । এই বোৰৰ দোষ শান্তিৰ নিমিত্তে মঙ্গলবাৰে দধি, মধু, ঘৃত সহ মঙ্গল গ্রহৰ মন্ত্ৰেৰে মঙ্গলবাৰে  দশ হাজাৰ হােম কৰি ৰঙ্গা কাপােৰ ৰঙাফুলৰ দ্বাৰা পুজা কৰি গ্ৰহযাগ হােম কৰি সোণ দান কৰিলে গ্রহৰ দোষ খণ্ডন হব । অপাৰগে ১০৮ বাৰ হােম কৰিব ।  ইয়াকো কৰিব নােৱাৰিলে মঙ্গলবাৰে ৰঙ্গা কাপােৰ সহিত ভােজনি ও দক্ষিণা সহ গণকক দিলেও দোষ খণ্ডন হব ।


বুধ গ্রহৰ অদ্ভুত কথন

ঘৰৰ ওপৰত উঠি গৰুৱে বেবালে,  জুই নােহাৱাত ঘৰ

পোহৰ হলে,  তিৰুতা মানুহে সাপৰ কণি ভেকুলী কণি বা পােৱালী, চৰাই, মেকুৰী, সাপ এই বােৰ প্ৰসৱ কৰিলে,  হাত ভৰি নােহােৱাকৈ লৰা জন্মিলে, ঘৰৰ ওপৰত কুকুৰ, গাহৰী, গৰু, বন কুকুৰা এই বোৰ উঠিলে,  যি গছত যি গুটি যি ফুল ধৰিব লাগে সেই গছত সেই ফুল সেই গুটি নধৰি অন্য গুটি অন্য ফুল ধৰিলে,  মেকুৰী, কুকুৰ, গাহৰি,  এনে চতুস্পদ জন্তুৱে মানুহৰ দৰে মাত মাতিলে,  এই বােৰৰ কোনো উৎপাত হলে বুধ গ্রহৰ অদ্ভূত হয় । এনে অকালতে হলে গৃহস্থৰ পুত্ৰ ভাৰ্য্যাৰ ক্ষতি হব লাগে । এইবােৰ দোষ শান্তিৰ নিমিত্তে দধি, মধু, ঘৃত সহিত অপমাৰ্গ কাষ্ঠ সহিত বুধ গ্ৰহৰ মন্ত্ৰৰ দ্বাৰা বুধবাৰে দহ হাজাৰ হোম কৰি গ্রহস্তব পাঠ কৰি সোণ দান কৰিলে গ্রহৰ দোষ খণ্ডন হব  ।  অপৰাগে ১০৮ বাৰ হোম কৰিব  ।  ইয়াকো কৰিব নোৱাৰিলে  বুধবাৰে হালধীয়া বস্ত্ৰৰ লগত ভোজনি আৰু দক্ষিণা সহ গণকক দিলেও দোষ খণ্ডন হব  ।


বৃহস্পতি গ্রহৰ অদ্ভুত কথন

কুকুৰ, মেকুৰী, শিয়াল এই বােৰে দুৱাৰৰ ওচৰত গাত

খানিলে,   কুকুৰে চোতালত পােকৰ চোছৰালে,  সাপ ঘৰৰ ভিতৰত সােমাই ওপৰলৈ মুখ কৰিলে,  এবছৰৰ ভিতৰত তিৰুতাৰ দুটা লৰা জন্ম হলে,  এটা পেট, দুখন মুখ হৈ সন্তান জন্মিলে ।  হাঁহ, পাৰৰ মুৰ নােহােৰা কৰি পােৱালী হলে,  বৰঘৰত বা দেৱ মন্দিৰত শগুণ পৰি ৰাও কৰিলে ।  ছাগলিৰ গৰ্ভত এটা ছাগলি আৰু এটা গৰু দুই পােৱালী এইদৰে জন্ম হলে, গৰুৰ দুই নেজ তিনি চাৰি কাণ হৈ জন্ম হলে,  গৰুৱে খুটাত নেজ মেৰা দিলে বা গছত নেজ মেৰালে,   গৰুৰ নেজত অন্য গৰুৱে নেজ মেৰালে,  গৰুৰ এহাল পােৱালী জগিলে,  ভাদ মাহত কলি বা কপিলী গৰু জগিলে ।  ঘোড়া, হাতীৰ দুই তিনটা পােৱালী জন্মিলে, এই বােৰৰ কোনাে উৎপাত হলে বৃহস্পতি গ্রহৰ অদ্ভূত হয় । 

এনেকুৱা ধৰণৰ অদ্ভূত হলে গৃহণীৰ ক্ষতি হব লাগে,  শক্রবৃদ্ধি ভাই বংশ সহিতে বৈৰতা হয় । এই বােৰৰ দোষ শান্তিৰ নিমিত্তে বৃহস্পতিৰ মন্ত্রৰ দ্বাৰা দধি, মধু, ঘৃত,অশ্বত্থ কাষ্ঠৰ সহিত বৃহস্পতিবাৰে দহ হাজাৰ হােম কৰি গ্ৰহযাগ আৰু গ্রহস্তব পাঠ কৰি হালধীয়া বস্ত্ৰ দান কৰিলে গ্রহৰ দোষ খণ্ডন হব  । অপৰাগে ১০৮ বাৰ হোম কৰিলেও দোষ খণ্ডণ হব  । ইয়াকো কৰিব নোৱাৰিলে বৃহস্পতিৰ বাবে হালধীয়া বস্ত্ৰ ভোজনি ও দক্ষিণা সহ গণকক দিলেও দোষ খণ্ডন হব  ।


শুক্র গ্রহৰ অদ্ভুত কথন

মানুহৰ দাঁতৰ পাৰিত পুনৰ পাৰি ধৰি দাতঁ গজিলে ।

দা, কটাৰি, কুঠাৰৰ মুখত এনেই জুই উঠিলে,  এন্দুৰ চিকা, নিগনি, দাল সলিয়া এই বােৰৰ মুখেদি জুই ওলালে,  ধান চাউল থােৱা ঠাইৰ পৰা নাইকিয়া হলে, সােণ, ৰূপ, পিতল, তাম, কাঁহ ইত্যাদি থােৱা জেগাতে নাইকিয়া হলে,  কলহত থােৱ পানী বিনা অগ্নিত উতলিলে বা গৰ্জন কৰিলে,  কলহত থােৱা পানী নাইকিয়া হলে,  গুৰ তেল গাখীৰ চেনী ঘিউ, ইত্যাদি বস্তু মানুহে ননাকৈ থােৱা জাগাতে নাইকিয়া হলে,  এই বােৰৰ কোনো অদ্ভুত হলে শুক্র গ্রহৰ অদ্ভুত হয় ।

এনে অদ্ভুত হলে গৃহস্থৰ ধন ধান গৰু মহ ইত্যাদি সম্পত্তি নাশ হয়,   আৰু ঘৰৰ প্ৰধান মালিকৰ ক্ষতি হব পাৰে । এইবােৰ দোষ শান্তিৰ নিমিত্তে ডিমৰু কাষ্ঠ, দধি, মধু, ঘৃত এইবােৰ মিশ্ৰ কৰি শুক্র গ্রহৰ মূল মন্ত্রৰ দ্বাৰা শুক্ৰবাৰে দশ হাজাৰ হােম কৰি গ্ৰহযাগ গ্রহস্তৱ পাঠ কৰি গণকক দক্ষিণা কৰিলে গ্রহৰ দোষ খণ্ডন হব । অপৰাগে ১০৮ বাৰ হােম কৰিলেও দোষ খণ্ডন হব  ।   ইয়াকো কৰিব নোৱাৰিলে শুক্রৰ বাবে বগা বস্ত্ৰ, ঘি, ও ভোজনি সহ দক্ষিণা গনকক অৰ্পণ কৰিলেও দোষ খণ্ডণ হব  ।


শনি গ্ৰহৰ অদ্ভুত কথন 

দেব প্রতিমা এনেই ভাগি পৰিলে,  দেৱতাৰ মূৰ্ত্তিৰ পৰা 

তেজ ওলালে বা গাখিৰ ওলালে,   প্রতিমাই হাঁহিলে,

দেবতাৰ মূৰ্ত্তি মাটিত পৰিলে,  শালেগ্রাম প্রতিমা কপিলে,  দেৱতা মূৰ্ত্তি ভাগিলে বা ঘাম ওলালে,  দেৱতা প্রতিমাৰ গাত সাপ উঠিলে,  দেৱ মণ্ডিত বিনা অগ্নিত পােহৰ হৈ উঠিলে,  ঘৰৰ খুটাত ফুল ধৰিলে,  হাতী, ঘােড়, গৰু, মহ, ছাগলী আদি কৰি ইত্যাদি জন্তু ফুলিলে,  হৰিণ বাঘ ভালুক ইত্যাদি বনৰিয়া জন্তু আৰু  কেচু সাপ আদি কৰি দুৱাৰে ভিতৰে সােমাই পুনৰ দুৱাৰে বাহিৰ ওলালে,  ৰাতি আকাশত ধনু দিয়া দেখিলে,  ঘৰৰ ভিতৰত এনেই ঘন্টা বাজিলে,  দিনৰ

দুই পৰত চন্দ্র ওলালে,  অকস্মাত আকাশত অগ্নি জলি উঠা দেখিলে,  গৰু মহ ছাগলী ঘােড়া ইত্যাদি চতুষ্পদ জন্তু ঘৰৰ ওপৰত উঠিলে,  নেদেখা বস্তু অকস্মাত আকাশত দেখিলে,   শখিনী শাপ, ফেটীগােম, অজাগৰ, এইবােৰ দুৱাৰে দি ঘৰৰ ভিতৰ সােমালে,  বিনা বতাহত ঘৰ কপিলে, কাউৰি, কপৌ, মেকুৰী, সাপ,  এই বােৰৰ

কোনো উৎপাত হলে শনি গ্ৰহৰ অদ্ভূত হয় ।

এনে অদ্ভুত হলে ঘৰৰ প্ৰধান মানুহৰ  দুই মাহৰ ভিতৰত কিবা ক্ষতি হব লাগে আৰু এই বােৰ দোষৰ শান্তিৰ নিমিত্তে দধি, মধু, ঘৃত সমিধ কাষ্ঠৰ সহিত মিশ্ৰ কৰি শনি গ্ৰহৰ মূল মন্ত্রৰ দ্বাৰা দশ হাজাৰ হোম কৰি গ্রহস্তৱ পাঠ কৰি ক'লা কাপোৰ সােণ দান কৰিলে দোষ খণ্ডন হব । অপাৰগে ১০৮ বাৰ হোম কৰিলেও দোষ খণ্ডন হব ।  ইয়াকো কৰিব নােৱাৰিলে শনিৰ বাবে নীলা বস্ত্ৰৰ সহিত ভােজনি ও দক্ষিণ সহ গণকক দিলে দোষ খণ্ডন  হয় ।


ৰাহু গ্ৰহৰ অদ্ভুত কথন 

 শূন্য স্থলে হাতিৰ ছায়া দেখিলে,   পানীত জুই লাগিলে, সাপৰ আকৃতি ধৰি বজ্ৰ পৰিলে,  শেলাই ও ৰক্ত বৃষ্টি হলে,  গর্জন ও বৰষুণ নােহােৱাকৈ শিলা বৰষিলে,  বিনা বতাহত গাছ ভাগি আকাশৰ ধনু খহি মাটিত পৰিলে,  ঘৰত বজ্ৰ পৰিলে,  দিনত শিয়ালে মাতিলে, দিনত তৰা দেখিলে,  মৰা শৱই চিতাৰ ওপৰত উঠি বহিলে,   মৰাশ ভাৰ বান্ধি নিয়াত বাতত উঠি বহিলে,  এই বােৰৰ কোনো উৎপাত হলে ৰাহু গ্ৰহৰ অদ্ভুত হয় । এনে অদ্ভুত হলে ৰজা মন্ত্ৰীৰ এবছৰৰ ভিতৰত ডাঙৰ ক্ষতি হয় ।

আৰু গাত কাউৰী পৰিলে বা গাত কাউৰীয়ে খুটীলে,  যজ্ঞ সুত্ৰ, ৰুদ্ৰাক্ষৰ মালা হেৰালে বা পূৰিলে ছয় মাহৰ ভিতৰত ৰোগে দেখা দিব পাৰে ।  এইবােৰ দোষৰ শান্তিৰ নিমিত্তে দধি, মধু, ঘৃত, দুৰ্ব্বা লগ কৰি ৰবি বাৰে ৰাহুৰ মূল মন্ত্রৰ দ্বাৰা দহ হাজাৰ হােম কৰি গ্ৰহযাগ,  গ্রহস্তৱ পাঠ কৰি গণকক সোণ, ৰূপ, বস্ত্ৰ, কপীলা গৰু দান কৰিলে দোষ খণ্ডন হব ।  অপৰাগে ১০৮ বাৰ হোম কৰিলেও দোষ খণ্ডণ হব  ।  ইয়াকো কৰিব নোৱাৰিলেও ৰাহুৰ বাবে ধোৱাঁ বৰ্ণৰ বস্ত্ৰৰ সহিত ভোজনি ও দক্ষিণা সহ গণকক দিলেও দোষ খণ্ডন হব। 


কেতু গ্রহৰ অদ্ভুত কথন

গছৰ ডালৰ পৰা তেজ ওলালে,  জুই নােহােৱা কৰি কমাৰৰ মাটি তপত হলে,  শগুণে ঘৰৰ ওপৰত পৰি মঙ্গহ খালে বা এনেই পৰিলে,  খৰালি কালত গতৰ পৰা পানী ওলালে,  ধুমকেতু, নেজাল তৰা দেখা পালে,  এটা ভৰিৰে থিয় দি থকা মানুহ অকস্মাত দেখা পাই পিচে নেদেখিলে,   ঘৰত গুঁই বান্দৰ ঘৰিয়াল সােমালে,   সাপৰ ভৰি, ডিঙ্গিত মণি থকা সাপ দেখিলে,   শাল, তাল, খাজুৰ, পলাশ এই বােৰ গছ ঘৰৰ ভিতৰত গজি ওলালে,   দিনত ফেৰুৱাই মাতিলে,   তেল থকা ছাকিত অকস্মাত বৰকৈ জুই জলি উঠিলে,  সােণ, ৰুপ আদি কৰি ধাতুৰ বাচন ভস্ম হলে,   এনে বােৰৰ কোনো অদ্ভুত হলে, কেতু গ্ৰহৰ অদ্ভূত হয় ।  এনে অদ্ভুত ৰজাৰ হলে ৰজাৰ ক্ষতি হব লাগে ।  গৃহস্থৰ পৰিয়ালৰ ক্ষতি হব লাগে ।  শালিকা, ধােৰা কাউৰী, কাম চৰাই, শিয়াল, শগুণ, বগলি, ফেঁচা কপৌ এই বােৰ গৰ যােৱা দেখিলে,  গৃহস্থৰ পুত্ৰ ভাৰ্য্যাৰ ক্ষতি হব লাগে আৰু গৰু গাই আদিৰো ক্ষতি হব লাগে ।  নিজৰ ছায়াটো দুডোখৰ হােৱা দেখিলে, বা নিজৰ ছায়া দক্ষিণে দেখিলে,  সেই মানুহৰো দহদিনৰ ভিতৰত ক্ষতি হব লাগে । এই বােৰ দোয় শান্তিৰ নিমিত্তে দধি, মধু, ঘৃত, কুশৰ সহিত মিশ্র কৰি কেতুৰ মূল মন্ত্রৰ দ্বাৰা দশ হাজাৰ হােম কৰি গ্ৰহযাগ , গ্রহস্তব পাঠ কৰি গণকক কলা গায় দক্ষিণা সহ দিলে দোষ খণ্ডন হব ।   অপাৰগে ১০৮ বাৰ হােম কৰিলেও দোষ খণ্ডনহব ।  ইয়াকো কৰিব নোৱাৰিলে কেতুৰ বাবে ধোৱা-বর্ণ বস্ত্ৰৰ সহিত ভোজনি ও দক্ষিণ সহ গণকক দিলেও দোষ খণ্ডন হয় ।


বিশেষ অদ্ভুত 

অদ্ভুত তিনি প্রকাৰ দিব্য, ভৌম, আন্তৰীক্ষ ।  চন্দ্র সূৰ্য্য গ্রহ তাৰাৰ বিকৃতি দর্শন দিব্য অদ্ভুত ।  ভুমিকম্প, পাণী খলকী হঠাৎ শব্দ হােৱাকৈ ভৌম অদ্ভুত বােলে । উল্কাপাত, দিগদাহ আকাশত মণ্ডল আকাশত গন্ধৰ্ব্ব নগৰ দেখা আৰু বিকৃত বৃষ্টি ইত্যাদি আন্তৰীক্ষ অদ্ভুত বােলে ।

দিব্য অদ্ভুতৰ ফল উগ্ৰ অতি শীঘ্ৰে হয়,  ভৌম অদ্ভূতৰ ফল অলপ লাহে লাহে মাথােন তাৰ ফল জানিব পাৰে, আন্তৰীক্ষ অদ্ভূতৰ মজলীয়া ফল মাজে সময়ত ফল দিয়ে ।  অর্থাৎ দিব্য উৎপাতৰ ফল অতি তীব্র এমাহৰ ভিতৰতে তাৰ চিন ওলায় ।   আন্তৰীক্ষ উৎ-পাতে ফল মধ্যম,  ছয় মাহৰ তাৰ চিন ওলায়,   আৰু ভৌম উৎপাতৰ ফল সামান্য,   এবছৰত তাৰ চিন ওলায় ।

ঋতুৰ বিপৰ্য্যয় হলে অর্থাৎ জহত জাৰ জাৰত জহ হলে ৰজাৰ শত্ৰুৰ পৰা ভয় হয় ।   পুষ্প ফলত বিকৃতি হলে গৃহস্থৰ ক্ষতি হয় ।  দহ বছৰৰ ভিতৰত কন্যা ঋতুমতি হলে,   স্ত্রীৰ পঞ্চাশ বছৰৰ পাছত সন্তান হলে, বিকৃত প্ৰসব হলে, হীনাঙ্গ বা অধিকাঙ্গ প্ৰসব হলে,  একেবাৰেই তিনিটী সন্তান হলে,  মানুহৰ গৰ্ভত পশু পক্ষী উপজিলে, সেই ঘৰৰ মহা বিপদ হয় ।  সন্ধ্যা লগাৰ পৰা ৰাতি ৪ দণ্ডৰ ভিতৰত কুকুৰাই মাতিলে,  হেমন্ত ঋতুত কুলিয়ে মাতিলে,  বেলি ওলােৱা সময়ত বেলিৰ ফাললৈ চাই    কুকুৰে ভুকিলে দেশত মাৰী পীড়া হয়  ।

শগুণ  কহৱা  কপৌ  ফেঁচা  হুদু  শেন  চিলনী  বৰ বাহলি  বনকুকুৰা এই বিলাক জন্তুয়ে যাৰ ঘৰত বাহ সাজে বা ঘৰত পৰে সেই মানুহৰ ঘৰত বিপদ হয় । এনেকুৱাও হব পাৰে যে সেই মানুহ ঘৰৰ প্রধান গৃহস্থ জন এক পক্ষ বা একমাহ নাইবা এবছৰত ভিতৰত ডাঙৰ ৰোগ হব পাৰে ।  অথবা ভাৰ্য্য পুত্রৰ ক্ষতি হয় নাইবা মূল্যবান দ্রব্যই নষ্ট হয় ।

এনেকুৱা হলে ওপৰত লেখা মতে মণ্ডল চাই বিহিত শান্তি কৰিব লাগে ।  সেই ঘৰত ব্রাহ্মণক দান কৰা ভাল, একেবাৰেই দান কৰিব নােৱাৰিলে দান কৰি মুল্য দি কিনি লব ।

শ্মশানৰ পৰা কাউৰি শগুন কুকুৰ শিয়ালে যদি হাৰ আনি যাৰ ঘৰ বাড়ী বা চোতালত পেলালে সেই ঠাই শ্মশানৰ তুল্য হয় ।   এনেকুৱা উৎপাত হলে চোৰ ডাকাইতৰ উপদ্রব অথবা মাৰী পীড়া নাইবা দুর্ভিক্ষ হয়।

প্রভাত সময়ত যদি কাউৰিলে বিকট ভাবে একেষোৰ কৰি মাতে তেতিয়া সেই মানুহ ঘৰৰ দুখ হয় ।   কাউৰি শগুন ফেঁচা শিয়াল আৰু সাপৰ মৈথুন দেখিলে সেই জন মানুহৰ অনেক প্রকাৰ বিপদ হয় ।  শগুণে গাত হাগিলে বা বতিয়ালে সেই মানুহৰ শৰীৰত পীড়া বা বন্ধুৰ  ক্ষতি হয় ।

ভাদ মাহত গৰু জগিলে ধন নাশ হয় ।  ক'লা গৰু জগিলে প্ৰাণৰ সংশয় ।  সেই গৰু ব্ৰাহ্মণক বা গুৰু ঘৰত দিব লাগে ।  মেকুৰীৰ মৈথুন দেখিলে সম্পত্তি নষ্ট হয় ।


 

<><><><><><><><><><><><><><><><><><> 


Comments

  1. অদ্ভুত গণনা জ্যোতিষ পুথি খনৰ মূল্য এতিয়া কিমান হ'ল? জনাওকচোন....

    ReplyDelete
  2. অদ্ভুত গণনা জোতিষ পুথিখন প্ৰয়োজন আছিল কেনেকৈ পাম ?

    ReplyDelete

Post a Comment

Popular posts from this blog

বৰ্ষ চক্ৰ । Barsa Chakra । বৰ্ষ চক্ৰ গণনা ।। আপোনাৰ বৰ্ষ চক্ৰৰ ফলাফল চাওক ।। এটিয়া নিজৰ বৰ্ষ চক্ৰ নিজেই গণনা কৰিব পাৰিব

গায়ত্ৰী । গায়ত্ৰী মন্ত্র । Gaytri । লগুন । Logun । পূৰণা যজ্ঞোপবীত কেনেকৈ সলাব । ব্ৰাহ্মণৰ লগুন ধাৰণ কৰাৰ মন্ত্র । যজ্ঞোপবীত বন্ধাৰ নিয়ম