ত্ৰিপাপ ৰিষ্ট। Tripap rista । নক্ষত্ৰৰ ত্ৰিপাপ ৰিষ্ট বৰ্ষ চক্ৰ । Naksatrar tripap rista barsa chakra
ত্ৰিপাপ ৰিষ্ট বৰ্ষ চক্ৰত শুভফল বিচাৰতকৈ অশুভ ফলৰ ওপৰত গুৰুত্বহে ইয়াত বেছি দিয়া হয় আৰু সেইবাবেই ইয়াৰ নামেই ত্রিপাপ বিচাৰ । অর্থাৎ তিনিটা পাপ গ্রহ বর্ষপতি হলে অশুভ ফল হয় । জন্ম নক্ষত্ৰ অনুসৰি ত্রিপাপ কোন কোন বয়সত আছে চোৱা হয় আৰু কোষ্ঠীবােত হয়তাে ৰঙা চিয়াঁহীৰে ডাগ দিয়া হয় নহ'লে ষ্টাৰ চিহ্ন দিয়া হয় ।
জ্যোতিষ শাস্ত্ৰত কৈছে --
“পতাকী-কুণ্ডলী, কেতােঃ কুণ্ডলী চ বৃহস্পতয়ে।।
সর্বত্র পাপ সংযােগে সংশয়াে জায়তে মহান।
ত্রিপাপে মহতী পীড়া অথবা প্রাণ সংশয়ঃ।।”
ৰবি আৰু মঙ্গল, তিনিটা বর্ষপতিৰ ভিতৰত এটা হলে মাজে মাজে কষ্ট ভােগ হয় । ত্রিপাপ চক্র মতে শনি আৰু ৰাহু বর্ষপতি হলে সেই বয়সত মৃত্যু হ'ব পাৰে । মঙ্গল আৰু শনি হলে বহুত কষ্ট ভোগ কৰে । ত্রিপাপ চক্ৰত দুই ৰবি বর্ষপতি হলে কষ্ট ভােগ, দুই মঙ্গল হ’লে অগ্নি ভয় আৰু দুই শনিত সর্বস্ব বিনষ্ট হয় । দুই ৰাহু হলে শত্ৰুৰ পৰা ভয় থাকে । দুই কেতু হলে জাতকে জ্বৰাদি ৰােগত কষ্ট ভােগ কৰে । তেনেকৈ তিনিওটা বর্ষপতি শনি হলে বধ বা বন্ধন ভয় থাকে । তিনিওটা বর্ষপতি ৰাহু হলে অস্ত্রাঘাত, দুর্ঘটনা আৰু তিনিওটা বর্ষপতি কেতু হলে মাৰাত্মক ৰােগ আৰু জীৱনৰ সংশয় হয় ।
প্রকাৰন্তৰে দুটা শুভ গ্রহ বর্ষপতি হলে সুখ লাভ হয় । শুক্ৰ আৰু বৃহস্পতিত মহৎ সুখ লাভ হয়। ৰাজতুল্য ক্ষমতা আৰু সম্পদ লাভ হয় । দুই বৃহস্পতি হ'লে ৰাজতুল্য ক্ষমতালাভ হয় । দুই শুক্র বর্ষপতি হলেও সুখ লাভ হয় । দুই চন্দ্র হলে অর্থলাভ হয় । তিনিওটাবৃহস্পতি বা শুক্র হােৱাৰ সম্ভাৱনা নাই ; হ'লে শুভফল অধিক হ’ব । এইখিনিতে মনকৰিবলগীয়া এই যে ভাগ্য বিচাৰত দশান্তর্দশাৰ ফলেই প্রধান । ত্রিপাপ বিচাৰ মতে অতি অশুভ, কিন্তু দশান্তর্দশা বিচাৰ মতে দশাপতিৰ ফলাফল শুভও হয় ।
নক্ষত্ৰ ১০ মঘা নক্ষত্ৰৰ ত্ৰিপাপ চক্ৰ
মোৰ ছোৱালীৰ ৰাহু ,কেতু আৰু মংগলৰ দশা আছে । ইয়াৰ অশুভ ফল কেনেধৰণৰ বাৰু?
ReplyDelete