বিবাহৰ কাৰণে কি কি মাহ শুভ । বিবাহৰ বাৰ আৰু তিথি । বিবাহৰ মাহ । বিবাহৰ বােগ আৰু নক্ষত্র । Bibahar karone ki ki mah xubho
বিবাহৰ বাৰ আৰু তিথি
ৰবি, শনি, মঙ্গল এইকেটা বাৰত বিয়া পাতিব নালাগে, বাকী কেইটা বাৰ শুভ । নিশা বাৰৰ দোষ নাথাকে, তথাপি বাৰ অশুভ । বিবাহত বাৰৰ দোষ হলে ব্ৰাহ্মণক ধান দান কৰিব ।
আঁউসী, প্রতিপদ, তৃতীয়, চতুর্থী, নৱমী, চতুর্দশী এই কেইটা তিথি বিবাহৰ কাৰণে অশুভ, বাকী কেইটা তিথি শুভ । তিথি বেয়া হলে আৰৈ চাউল দান কৰিব ।
বিবাহৰ বােগ আৰু নক্ষত্র
মূলা, মঘা, অনুৰাধা, ৰােহিণী, উত্তৰফল্গুণী, উত্তৰাষাঢ়া, উত্তৰভাদ্রপদ, ৰেৱতী, হস্তা, স্বাতী, মৃগশিৰা, এই কেইটা নক্ষত্র বিবাহৰ ক্ষেত্ৰত শুভ, বাকী কেইটা অশুভ ।
ব্যাতিপাত, পৰিঘ, অতিগণ্ড, বৈধৃতি, ব্যাঘাত, হর্ষণ, শূল, গণ্ড, বিষকুম্ভ, এইকেইটা যােগ বিবাহৰ কাৰণে বেয়া, বাকী কেইটা ভাল । যোগ বেয়া হ'লে তিল, আৰু লােণ দান কৰিব । নক্ষত্র বেয়া হ'লে ব্ৰাহ্মণক ধান দান কৰিব ।
বিবাহৰ মাহ
আষাঢ় মাহত বিয়া পাতিলে ধন নষ্ট হয়, শাওনত সন্তান হানি হয়, ভাদত অশুভ, আহিনত কন্যাৰ মৃত্যু, কাতি মাহত বিয়া পাতিলে ৰােগযুক্তা হয়, পুহত ভ্রষ্টা,
চ’তত মদনােন্মত্তা হয় । বাকী মাহত বোৰত বিয়া পাতিব পাৰিব ।
Comments
Post a Comment