যুতবেধ। যামিত্ৰ বেধ । যুত বেধ আৰু যামিত্র বেধ কাক কয় । joot bedh । Jamitra bedh । Joot bedh aru jamitra bedh kaak koi
যুতবেধ চোৱাৰ নিয়ম
যি দিনা বিয়া পাতিব খােজে, সেই দিনা যি নক্ষত্র হয়, সেই নক্ষত্ৰৰ পৰা যি ৰাশি হয়, সেই ৰাশিত যদি পাপগ্রহ থাকে, তেন্তে সেইদিনা বিয়া পাতিলে বিধবা হয় । মঙ্গল, ৰবি, শনি, ৰাহু, কেতু, এই কেইটা গ্ৰহ পাপগ্রহ বােলে ; এই সকলৰ লগত যদি বুধ যুক্ত তেন্তে বুধো পাপ গ্রহ হয় ।
যামিত্র বেধ
বিয়া পাতিবৰ দিনা যি নক্ষত্র হয়, সেই নক্ষত্ৰত যি ৰাশি হয়, সেই ৰাশিৰ পৰা যদি সপ্তমত ৰবি, শনি, মঙ্গল থাকে তেন্তে যামিত্র বেধ হয় । সেইদিনা বিবাহ পাতিব নেপায় ।
যদি বাধ্য হয় তেন্তে পুৰোহিত্য ব্ৰাহ্মণক সােণ দান কৰি বিয়া পাতিব পাৰিব ।
Comments
Post a Comment