ৰিষ্ট । শিশুৰিষ্ট । পিতৃৰিষ্ট । মাতৃৰিষ্ট । ভাতৃৰিষ্ট । ৰিষ্ট বিচাৰ । নব জাতকৰ ৰিষ্ট বিচাৰ । জাতপুৰুষৰ জন্ম অংগ । Rista ।

শিশুৰিষ্ট 

সোঁৱৰণীৰ ৰাশি-চক্ৰত লগ্নৰ পৰা দ্বিতীয় দ্বাদশত শনি, জন্মত মঙ্গল,  চতুথত ৰাহুৰ দৃষ্টি পৰে,  তেন্তে সেই সন্তানৰ ৮ মাহত ৰিষ্ট পৰে ।

দ্বাদশত ৰবি আৰু মঙ্গল, লগ্নত চন্দ্ৰ আৰু শনি,  লগ্নলৈ যদি শুভগ্রহ সকলৰ দৃষ্টি  নাথাকে,  আৰু লগ্নৰ পৰা যষ্ঠত শনি আৰু দশমত অশুভ গ্রহ আৰু লগ্নত চন্দ্র থাকে,  তেন্তে এবছৰত ৰিষ্ট পৰে ।


যাৰ লগ্নত চন্দ্র, শনি, মঙ্গল, লগ্নৰ নৱমত ৰবি, লগ্নলৈ বৃহস্পতিৰদৃষ্টি নেথাকে,  তেন্তে জন্মৰ ফল অশুভ ।


তৃতীয়ত ৰবি আৰু মঙ্গল অষ্টমত শনি, বৃহস্পতি শুক্ৰৰ যদি লগ্নত দৃষ্টি নেথাকে,  তেন্তে এমাহত ৰিষ্ট পৰে ।


লগ্নৰ অষ্টমত পাপগ্রহ, ষষ্ঠত চন্দ্র, গুৰু শুক্র যদি লগ্নক নেদেখে,  তেন্তে এবছৰত ৰিষ্ট পৰে ।


দ্বাদশত গুৰু, লগ্নত চন্দ্র, অষ্টমত শনি মঙ্গল থাকে, তেন্তে মৃত্যু সম্ভাৱনা থাকে ।


যাৰ অষ্টমত চন্দ্র, চতুর্থত শনি থাকে, তেন্তে তিনি মাহত ৰিষ্ট পৰে,    আৰু যাৰ লগ্নৰ সপ্তমত পাপগ্রহ, দ্বাদশত, অশুভগ্রহ থাকে,  আৰু যাৰ সপ্তমত ৰবি,  সেই ৰাশি যদি তুলা, কর্কট, মকৰ, মেষ হয়,   তেন্তে তিনি দিনতে ৰিষ্ট পৰে ।



যাৰ সূৰ্যৰ ঘৰত চন্দ্র,  সূৰ্য্য লগত যদি ৰাহু থাকে আৰু

ওপজা লগ্নক যদি শনি মঙ্গলে দেখা পায়,  তেন্তে ১ পক্ষত অৰ্থাৎ ১৫ দিনত ৰিষ্ট পৰে ।

কর্কট আৰু সিংহ ৰাশিত থকা শুক্রগ্রহ লগ্নৰ দ্বাদশ, ষষ্ঠ বা অষ্টম হৈ পাপগ্রহ সকলে দেখা পালে সন্তানৰ ছয় বছৰত ৰিষ্ট পৰে ।


শনি পাপগ্ৰহৰ পৰা দৃষ্টি হৈ যদি লগ্নৰ লগত থাকে , তেন্তে ষােল দিনৰ ভিতৰত ৰিষ্ট পৰে,  পাপগ্ৰহৰ সহিতে লগ হৈ লগ্নৰ লগত থাকিলেও ষােল মাহৰ ভিতৰত ৰিষ্ট হয় ।  পাপগ্ৰহৰ দৃষ্টি বা যুক্ত শুদ্ধ লগ্নৰ লগত হলেও ষোল্ল বছৰত ৰিষ্ট পৰে  ।  কিন্তু বলবান শুভগ্ৰহৰ দৃষ্টি

বা যুক্ত হলে ৰিষ্ট ভঙ্গ হয় ।

যদি দশমত শনি আৰু যষ্ঠত চন্দ্র, সপ্তমত মঙ্গল থাকে,


যদি লগত শনি, অষ্টমত চন্দ্র, তৃতীয়ত বৃহস্পতি থাকে,


যদি লগ্নৰ নৱমত ৰবি, সপ্তমত শনি, একাদশত বৃহস্পতি আৰু শুক্র থাকে,


যি সন্তানৰ ষষ্ঠ বা অষ্টমত চন্দ্ৰ আৰু সপ্তমত শনি থাকে,


যদি লগ্নত ৰবি, শুক্ৰ আৰু শনি থাকে,  আৰু দ্বাদশত গুৰু থাকে,


যদি লগ্নৰ ষষ্ঠ বা অষ্টমত চন্দ্র থাকি যদি পাপগ্ৰহৰ পৰাও দৃষ্টি থাকে,  তেন্তে ৮ বছৰৰ ভিতৰত ৰিষ্ট পৰে । যদি শুভ অশুভ উভয় গ্ৰহৰ দৃষ্টি থাকে,  তেন্তে চাৰি বছৰত ৰিষ্ট পৰে ।


শুক্লপক্ষৰ ৰাতি ওপজা, কৃষ্ণপক্ষৰ দিনত ওপজা সন্তান ষষ্ঠ বা অষ্টমত থকা চন্দ্রই ক্ষতি নকৰি বাপেকৰ দৰে ৰক্ষাহে কৰে ।


চন্দ্র যদি কোনাে পাপগ্ৰহৰ লগ হৈ লগ্নত বা লগ্নৰ পৰা পঞ্চম, সপ্তম, নৱম, অষ্টম আৰু দ্বাদশত থাকে আৰু যদি বলবান শুক্ৰ বুধ বা বৃহস্পতিয়ে পাপৰ লগত থকা চন্দ্রক নেদেখে অথবা লগত নাথাকে তেন্তে সন্তানৰ ৰিষ্ট পৰে ।


লগ্নৰ পৰা ষষ্ঠ স্থান অষ্টম স্থান, আৰু কর্কট ৰাশিত থকা বুধ যদি চন্দ্ৰৰ পৰা দৃষ্টি হয় তেন্তে চাৰি বছৰত ৰিষ্ট পৰে ।

লগ্নৰ পৰা অষ্টম স্থান যদি মেষ বা বৃশ্চিক ৰাশি হয়, আৰু সেই স্থানত যদি গুৰু থাকে আৰু ৰবি, চন্দ্র, মঙ্গল, শনিৰ দ্বাৰা দৃষ্টি হয় আৰু শুক্রই নেদেখে তেন্তে, তিনি বছৰত ৰিষ্ট পৰে,  কিন্তু শুক্রই যদি বৃহস্পতিক দেখে, তেন্তে ৰিষ্ট হব নােৱাৰে ।

শিশুৰিষ্ট খণ্ডনৰ হকে মাহেকীয়াৰ অন্তত "বিষ্ণুসহস্ৰনাম" পূজাপাঠ এভাগ কৰিব  ।। নাইবা নামকীৰ্ত্তন এভাগ কৰিব ।।


পিতৃৰিষ্ট 

লগ্নৰ দশমত শনি আৰু বুধ, যষ্ঠত চন্দ্র, সপ্তমত মঙ্গল, লগ্নত শনি মঙ্গল থাকিলে পিতৃৰিষ্ট হয় ।   লগ্নৰ পৰা অষ্টমত চন্দ্র থাকি যদি শনি মঙ্গলৰ পৰা দৃষ্টি হয় আৰু গুৰু শুক্রই যদি নেদেখে,  তেন্তে সন্তানৰ পিতৃৰিষ্ট হয় ।   
পিতৃৰিষ্ট খণ্ডনৰ বাবে নামকীৰ্ত্তন এভাগ কৰিব ।। 


মাতৃৰিষ্ট 

লগ্নৰ পৰা চতুর্থ, সপ্তম, দশম, পঞ্চম, নৱম আৰু লগ্নত যদি শনি, ৰবি, মঙ্গল আৰু ৰাহু কেতু থাকে,  আৰু অষ্টম ঘৰত যদি ৰাহু কেতু থাকে তেন্তে মাতৃৰিষ্ট হয় । পাপযুক্ত শুক্রগ্রহৰ পৰা চতুর্থ ঘৰত পাপগ্রহ থাকিলেও মাতৃহা হয় ।   জন্ম লগ্নৰ পৰা চতুর্থ, দশম, সপ্তম,পঞ্চম,

নবমত শুভগ্রহ বা বৃহস্পতি থাকিলে মাতৃৰিষ্টৰ সকলাে দোষ ভঙ্গ হয় ।

মাতৃৰিষ্ট হলে নাম কীৰ্ত্তন আদি কৰিব আৰু লগতে  ভকতক চাউল খুৱাব  নাইবা  ভােজনী এটি উৎসর্গা কৰিব ।  শুভ হ'ব  ।


ভাতৃৰিষ্ট

জন্ম লগ্নৰ পৰা তৃতীয় ঘৰত শনি, ৰাহু, কেতু আৰু মঙ্গল থাকে তেন্তে ভাতৃৰিষ্ট হয়  ।   ভাতৃৰিষ্ট হ'লে প্ৰতিকাৰ্থে ভোজনী এটি উৎসৰ্গা কৰিব  ।




জাতপুৰুষৰ জন্ম অংগ

সন্তান জাতপুৰুষৰ কিহত জন্ম হৈছে,  এনেকৈ জানিব পাৰি ।  ধৰক -
ৰবি যেনিবা ৰোহিণী নক্ষত্ৰত আছিল । সন্তানৰ জন্ম
মঘা নক্ষত্ৰত হৈছিল,  এতেকে ৰােহিণী নক্ষত্রকে প্রথম কৰি মূৰত তিনটা নক্ষত্র লিখিব,  তাৰ পাচত ক্রমশঃ লিখি যাব ।  যেনে-

মূৰত --  ৪৷৫।৬       মুখত -- ৭।৮।৯

কৰ্ণত -- ১০।১১।১২।১৩।১৪।১৫

হাতত— ১৬/১৭        গুহত- ২৪

বুকুত — ১৮।১৯।২০।২১।২২

আঁঠুত- ২৫।২৬         নাভিত  - ২৩

ভৰিত-  ২৭।১।২।৩

এতিয়া মঘা নক্ষত্র কাণত পৰিল ।  এতেকে জনা হ’ল যে জাতক জাত পুৰুষৰ কাণত জন্ম হ’ল ; এই দৰেই জানিব পাৰি ।


নক্ষত্র সমূহ 

১। অশ্বিনী
২। ভৰণী
৩। কৃত্তিকা
৪। ৰােহিণী
৫। মৃগশিৰা
৬ | আৰ্দ্ৰা 
৭। পুনর্বসু
৮। পুষ্যা
৯ | অশ্লেষা।
১০। মঘা
১১। পূৰ্ব্বফল্গুণী 
১২। উত্তৰফাল্গুনী
১৩। হস্তা
১৪। চিত্রা
১৫। স্বাতী
১৬। বিশাখা
১৭। অনুৰাধা
১৮। জ্যেষ্ঠা
১৯। মূলা
২০।পূর্বষাঢ়া
২১। উত্তৰষাঢ়া
২২। শ্ৰৱণা
২৩। ধনিষ্ঠা
২৪। শতভিষা
২৫। পূর্বভাদ্রপদ
২৬। উত্তৰভাদ্রপদ
২৭। ৰেৱতী

জাতপুৰুষৰ মুখত আৰু মূৰত জন্ম হলে ১০০ বছৰ আয়ুষ হয় । কাণত জন্ম হলে  ৯০ বছৰ,   বুকুত আৰু হাতত ৮৫ বছৰ,  নাভিত ৭৭ বছৰ,  গুহ্যত ৬৭ বছৰ, আঁঠুত আৰু  ভৰিত ৫০ বছৰ আয়ুষ হোৱাৰ সম্ভাৱনা থাকে ।

ভৰিত জন্ম হলে দুখীয়া হয়,  আঁঠুত জন্ম হলে ঘুৰি ফুৰি ভাল পায় ।
গুহ্যদ্বাৰত জন্ম হলে পৰস্ত্রী হৰণ কৰে,  নাভিত জন্ম হলে দুখ হয় ।

বুকুত জন্ম হলে ধনবান হয়,  হাতত জন্ম হলে চোৰ হয়, বাহুত জন্ম হলে বলবান হয়,   কাণত জন্ম হলে সেনাপতিৰ বা ৰজাৰ দৰে হয়,   মুখত জন্ম হলে
পণ্ডিত আৰু পুণ্যৱান হয়, আৰু  মূৰত জন্ম হলে ৰাজতুল্য সুখী হয় ।





Comments

Popular posts from this blog

বৰ্ষ চক্ৰ । Barsa Chakra । বৰ্ষ চক্ৰ গণনা ।। আপোনাৰ বৰ্ষ চক্ৰৰ ফলাফল চাওক ।। এটিয়া নিজৰ বৰ্ষ চক্ৰ নিজেই গণনা কৰিব পাৰিব

অদ্ভুত গণনা জ্যোতিষ । মঙ্গল চোৱাৰ নিয়ম । গৰু,মহ, ছাগলী ইত্যাদি জন্তু হেৰালে মঙ্গল চোৱাৰ নিয়ম । Adbhut ganana jyotish । adbhut । mangal

গায়ত্ৰী । গায়ত্ৰী মন্ত্র । Gaytri । লগুন । Logun । পূৰণা যজ্ঞোপবীত কেনেকৈ সলাব । ব্ৰাহ্মণৰ লগুন ধাৰণ কৰাৰ মন্ত্র । যজ্ঞোপবীত বন্ধাৰ নিয়ম