শান্তি হোৱাৰ শুভাশুভ ।। Shanti howar xubhaxubha । । শান্তি ।। পুষ্পিতা
কোন কোন মাহত শান্তি হলে ভাল >
বহাগত শান্তি হলে প্ৰিয়বাদিনী হয় । জেঠ মাহত বিধবা হয়। আষাঢ়ত ধন হয় । শাওন মাহত সন্তানৰ হানি হয় ।
ভাদত ৰোগীয়া হয় । আহিনত কন্যা সন্তানৰ হানি হয় ।
কাতি মাহত বংশৰ ক্ষতি হয় । আঘোণ মাহত ধৰ্ম্মৱতি হয় । পুহত আৰু মাঘ মাহত ধনৱতি হয় । ফাগুনত পুত্ৰ সন্তানৰ মাতৃ হয়, আৰু চ'ত মাহত শান্তি হলে কামত উন্মত্ত হয় ।
বাৰৰ ফল >
ৰবিবাৰে শান্তি হলে বিধবা হয় । সোমবাৰে পতিব্ৰতা । মঙ্গলবাৰে বেশ্যা । বুধবাৰে সম্পত্তিশালিনী হয় ।
বৃহস্পতিবাৰে লক্ষ্মীৱতী । শুক্লবাৰে পুত্ৰৱতী । আৰু শনিবাৰে শান্তি হলে বন্ধ্যা হয় ।
নক্ষত্ৰৰ ফল >
অশ্বিনী নক্ষত্ৰত শান্তি হলে সুখিনী হয় । ভৰণী আৰু কৃত্তিকা নক্ষত্ৰত শান্তি বন্ধ্যা হয় । ৰোহিনীত পুত্ৰণী হয় ।
মৃগশিৰাত ধৰ্ম্মিণী । আৰ্দ্ৰাত নিয়মনাশিনী । পুনৰ্ব্বসুত পৰসন্তান মুগ্ধকাৰিণী । পুষ্যাত সুপুত্ৰৱতী । অশ্লেষাত কুপুত্ৰিনী । মঘা আৰু পূৰ্ব্বফল্গুণীত দুঃখিণী ।
উত্তৰফল্গুণীত পুত্ৰৱতী । হস্তাত বহু সন্তানৰ মাতৃ । চিত্ৰাত চিত্ৰকলা কৰ্মত পাৰ্গত । স্বাতীত সাধবী ।
বিশাখাত পতিপ্ৰিয় । অনুৰাধাত সুপুত্ৰিনী । জ্যেষ্ঠাত ক্লেশ সহ্যকাৰিণী । মূলাত সৎকাৰ্য্যসাধিনী ।
পূৰ্ব্বষাঢ়াত পৰশ্ৰীকাতৰ । উত্তৰষাঢ়াত বহু কন্যা সন্তানৰ মাতৃ । শ্ৰৱণাত ধনসঞ্চয়কাৰিণী । ধনিষ্ঠাত সুপুত্ৰিনী ।
শতভিষাত সোভাগ্যিনী । পূৰ্ব্বভাদ্ৰপদ আৰু উত্তৰভাদ্ৰপদ নক্ষত্ৰত কুবুদ্ধি । ৰেৱতীত ধৰ্ম্মিণী ।
তিথিৰ ফল >
প্ৰতিপদ তিথিত শান্তি হলে সুখিনী, দ্বিতীয়াত
ঘাতুল, তৃতীয়াত আৰোগী, চতুৰ্থীত পতিপ্ৰিয়া, পঞ্চমীত সুভগা, ষষ্ঠীত পৰপুৰুষগামিনী, সপ্তমীত
ধনৱতী, অষ্টমীত স্বামী ৰোগগ্ৰস্ত, নবমীত বিধবা, দশমীত সুপুত্ৰ, একাদশীত মৃতপুত্ৰ প্ৰসৱ হয়,
দ্বাদশীত পৰগামিনী, ত্ৰয়োদশীত ধন আৰু পুত্ৰ লাভ, চতুৰ্দশীত চঞ্চল, অমাৱস্যাত মৃত্যু, পূৰ্ণিমাত ধন লাভ ।
বিকুম্ভ আদি যোগৰ ফল >
বিকুম্ভ যােগত শান্তি হলে দুখিনী, অতিগণ্ডত বন্ধ্যা, শূলে শূলৰােগী, গণ্ড আৰু বজ্ৰ যোগত বেশ্যা, ব্যতিপাত আৰু বৈধৃতিত স্বামি-ঘাতিনী,
পৰিঘ যােগত আত্মঘাতিনী, বাকীবােৰ যোগ ভাল।
বিকুম্ভ আদি যোগৰ কন্যাৰ অশুভ যোগ হলে প্ৰতিকাৰ্থে, সোন দান কৰিব ।
আদ্যঋতুৰ দৰ্শন ফল >
ৰাতিপুৱা পুষ্পিতা হ'লে পদ্মিনী, মধ্যাহ্নত চিত্ৰিণী, আবেলি সময়ত শঙ্খিনী আৰু ৰাতি হ'লে হস্তিনী কন্যাৰ নাম পায় ।
ব্ৰতৰ হবিষান্ন পাত্র
পুৱাবেলা পুষ্পিতা হলে পদুমৰ পাতত, মধ্যাহ্নত ভেটফুলৰ পাতত, অপৰাহ্নত -- ক্ষাৰ পাত্ৰত আৰু নিশা হলে শিলৰ পাত্ৰত হবিষান্ন খাব । উচিত পাত্ৰৰ অভাৱত কলপাত বা শিলৰ পাত্রও ব্যৱহাৰ কৰিব পাৰিব ।
আদ্যঋতুৰ নিষিদ্ধ কর্ম
পুষ্পিতা হােৱা কন্যাই সেন্দুৰ, অঞ্জনাদি ব্যৱহাৰ কৰা, খেলা-ধূলা কৰা, সমাজ বা উৎসৱাদিত যােগদান কৰা, বালা-অলঙ্কাৰ পিন্ধা, চন্দ্র-সূর্য দর্শন কৰা, গােন্ধতেল ঘহা, ঘিউ, মৌ, গাখীৰ, মাংস, পানীয় দ্রব্য, তামােলাদি খােৱা, অগ্নি স্পর্শ কৰা, নদী বা পুখুৰীত
স্নান কৰা, দিনত শােৱা, খাটৰ ওপৰত শােৱা আৰু ৰােদন কৰা নিষিদ্ধ । এই নিয়ম ঋতুমতী স্ত্রীয়ে সকলাে সময়তে পালন কৰা কর্তব্য ।
<><><><><><><><><><><><><><><><>
Mojaaa.....
ReplyDelete