ৰাশি জোৰা নিৰ্ণয় ।। Rashi Jura nirnoi ।।
ৰাশি জোৰা চোৱাৰ নিয়ম
প্রথমতে দৰা আৰু কন্যাৰ নামৰ ৰাশি কি স্থিৰ কৰি লব । তাৰ পাছত দৰাৰ ৰাশিৰ পৰা কন্যাৰ ৰাশিলৈ আৰু কন্যাৰ ৰাশিৰ পৰা দৰাৰ ৰাশিলৈ লেখ কৰিলে যি সংখ্যা হয় সেই মতেই ৰাশি জোৰা হয় ।
সংখ্যা ভেদে ৰাশি জোৰা দহ বিধৰ হয় । যেনে—মিত্র, দ্বিদ্বাদশ, অৰি দ্বাদশ, তৃতীয় একাদশ, চতুর্থ দশম, মিত্র নৱপঞ্চম, অৰি নবপঞ্চম, মিত্র ষড়ষ্টক, অৰি যড়ষ্টক, সমসপ্তক আৰু বিষম সপ্তক ।
অশুভ ৰাশি জোৰাৰ প্ৰতিকাৰ
জাতকৰ নামানুসৰি ৰাশিসমূহৰ আদ্যাক্ষৰ
গণ চোৱাৰ নিয়ম
দৰা কন্যাৰ নামৰ মূৰৰ আখৰ অনুসাৰে যি যি নক্ষত্র হয় সেইমতে গণ হয় । —যেনে- মৃগশিৰা, স্বাতী, হস্তা, শ্রবণা, পুষ্যা, ৰেৱতী, অনুৰাধা, অশ্বিনী, পুনৰ্ব্বসু, এই ৯ টা নক্ষত্ৰত দেৱগণ হয় ।
উত্তৰফল্গুণী, উত্তৰাষাঢ়া, উত্তৰভাদ্রপদ, পূৰ্ব্বভাদ্রপদ, পূৰ্ব্বষাঢ়া, পূৰ্ব্বফল্গুণী, ৰােহিণী, ভৰণী, আৰ্দ্ৰা, এই ৯ টা নক্ষত্ৰত নৰগণ হয় ।
জ্যেষ্ঠা, মূলা, অশ্লেষা, কৃত্তিকা, শতভিষা, চিত্রা, মঘা, ধনিষ্ঠা, বিশাখা, এই ৯ টাত ৰাক্ষসগণ বা দেবাৰিগণ হয় ।
দৰা কন্যা উভয়ৰ যদি একে গণ হয় তেন্তে অতি শুভ, দেৱতাই নৰে মধ্যম হয়, ৰাক্ষসে নৰে অশুভ হয়, ৰাক্ষসে দেৱতাইও অশুভ, দৰাৰ গন উচ্চ হলে ভাল ।
গণ বেয়া হলে বা গণৰ দোষ হ'লে প্ৰতিকাৰ্থে পুৰোহিত্য ব্ৰাহ্মণক সোন দান কৰিব ।
নামৰ আখৰ অনুসৰি নক্ষত্ৰ সমূহৰ নাম
< প্ৰত্যেকটো নামৰ প্ৰথমটো আখৰ অনুসাৰে ৰাশি আৰু নক্ষত্ৰ স্থিৰ কৰা হয় । প্ৰতিটো নক্ষত্ৰৰ চাৰিটাকৈ পাদ বা চৰণ থাকে । এই পাদ বা চৰণৰ পৰাই গণ স্থিৰ কৰা হয় >
১ অশ্বিনী -- চু, চে, চো, ল,
২ ভৰণী – লি, লু, লে, লাে,
৩ কৃত্তিকা- অ, ই, উ, এ
৪ ৰােহিণী – ও, ব, বি, বু,
৫ মৃগশিৰা -- বে, বাে, ক, কি,
৬ আৰ্দ্ৰা -- কু, ঘ, ঙ, ছ,
৭ পুনৰ্ব্বসু-- কে, কো, হ, হি,
৮ পুষ্যা -- হু, হে, হাে, ড়,
৯ অশ্লেষা – ডি, ডু, ডে, ডাে,
১০ মঘা -- ম, মি, মু, মে,
১১ পূর্বফাল্গুনী – মে, ট, টি, টু,
১২ উত্তৰ ফাল্গুনী – টে, টো, প, পি,
১৩ হস্তা -পু, পাে, ন, ঠ,
১৪ চিত্রা -- পে, পাে, ৰ, ৰি,
১৫ স্বাতী -- ৰু, ৰে, ৰাে, ত,
১৬ বিশাখা – তি, তু, তে, তাে,
১৭ অনুৰাধা - ন, নি, নু, নে
১৮ জ্যেষ্ঠা - নাে, য, যি, যু,
১৯ মূলা - যে, যযা, ভ, ভি,
২০ পূর্বৰ্ষাঢ়া - ভু, ধ, ফ, ঢ,
২১ উত্তৰষাঢ়া -- ভে, ভো, জ, জি,
২২ অভিজিৎ - জু, জে, জো, খ,
২৩ শ্ৰৱণা – খি, খু, খে, খাে,
২৪ ধনিষ্ঠা – গ, গি, গু, গে,
২৫ শতভিষা - গাে, শ, শি, শু,
২৬ পূর্বভাদ্রপদ – শে, শাে, দ, দি,
২৭ উত্তৰ ভাদ্রপদ – দ, ধ, ঝ, ঞ,
২৮ ৰেৱতী – দে, দো, চ, চি,
(বি. দ্র. ই কাৰৰ ঠাইত ঈ কাৰাে প্রযােজ্য হ'ব।)
《》《》《》《》《》《》《》《》《》《》



Jani bhal lagil
ReplyDelete