পুঃকৰ বা পুষ্কৰ চোৱাৰ নিয়ম ।। পুঃকৰ কেনেকৈ চায় ।। Puhkar ba Puskar kenekoi sai
পুঃকৰৰ দোষ তিনি পাদৰলৈকে হয় । তিথি, বাৰ আৰু নক্ষত্ৰত ।
দ্বিতীয়া, দ্বাদশী, সপ্তমী এই তিনিটা তিথিত কোনো মানুহ ধোকালে পুঃকৰ লাগে ।
ৰবি, মঙ্গল, আৰু শনি, এই তিনিটা বাৰত কোনো ধোকালে পুঃকৰ লাগে ।
পুনৰ্ব্বসু, উত্তৰাষাঢ়া, কৃত্তিকা, উত্তৰফল্গুণী, পূৰ্ব্বভাদ্ৰপদ, আৰু বিশাখা, এই কেইটা নক্ষত্ৰত কোনো মানুহ ধোকালে পুঃকৰ লাগে ।
তিথিৰ পুঃকৰ দোষত ঘৰত পালিত গোধন নাশ হোৱাৰ সম্ভাৱনা থাকে ।
বাৰৰ পুঃকৰ দোষত শস্য হানি হয় আৰু সন্তানৰ শাৰীৰিক সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে ।
আৰু নক্ষত্ৰৰ দোষত বংশৰ ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা থাকে ।
প্ৰতিকাৰ >
তিথিৰ পুঃকৰ দোষত "বিষ্ণু সহস্ৰনাম" পূজাপাঠ এভাগ কৰিব ।
বাৰৰ পুঃকৰ দোষত "বিষ্ণু হোম এভাগ কৰিব ।
নক্ষত্ৰৰ পুঃকৰ দোষত "শিৱ হোম" এভাগ কৰিব ।
যদিহে মৃতকৰ তিনিওপাদ পুঃকৰ লাগে তেন্তে প্ৰতিকাৰ্থে, "নৱগ্ৰহৰ পূজা" আৰু "বিষ্ণু সহস্ৰনাম" এভাগ কৰাব । যদিহে গৃহস্থৰ নৱগ্ৰহৰ পূজা কৰাত আৰ্থিক ভাবে অসমৰ্থ তেন্তে "শিৱ হোম" আৰু "নাম কীৰ্ত্তন" এভাগ কৰাব ।
Comments
Post a Comment