গণ, বর্ণ, বৰ্গ চোৱাৰ নিয়ম । । নক্ষত্ৰৰ চৰণ বা পাদ চোৱাৰ নিয়ম ।। Gan, borna, borga sowar niom ।। Naksatrar Charan ba paad sowar niom

 গণ চোৱাৰ নিয়ম

দৰা কন্যাৰ নামৰ মূৰৰ আখৰ অনুসাৰে যি যি নক্ষত্র হয় সেইমতে গণ হয় । —যেনে- মৃগশিৰা, স্বাতী, হস্তা, শ্রবণা, পুষ্যা, ৰেৱতী, অনুৰাধা, অশ্বিনী, পুনৰ্ব্বসু, এই ৯ টা নক্ষত্ৰত দেৱগণ হয় ।

উত্তৰফল্গুণী, উত্তৰাষাঢ়া, উত্তৰভাদ্রপদ, পূৰ্ব্বভাদ্রপদ, পূৰ্ব্বষাঢ়া, পূৰ্ব্বফল্গুণী, ৰােহিণী, ভৰণী, আৰ্দ্ৰা, এই ৯ টা নক্ষত্ৰত নৰগণ হয় ।

জ্যেষ্ঠা, মূলা, অশ্লেষা, কৃত্তিকা, শতভিষা, চিত্রা, মঘা, ধনিষ্ঠা, বিশাখা, এই ৯ টাত ৰাক্ষসগণ বা দেবাৰিগণ হয় ।

দৰা কন্যা উভয়ৰ যদি একে গণ হয় তেন্তে অতি শুভ, দেৱতাই নৰে মধ্যম হয়,  ৰাক্ষসে নৰে অশুভ হয়, ৰাক্ষসে দেৱতাইও অশুভ,  দৰাৰ গন উচ্চ হলে ভাল ।

গণ বেয়া হলে বা গণৰ দোষ হ'লে  প্ৰতিকাৰ্থে পুৰোহিত্য ব্ৰাহ্মণক সোন দান কৰিব ।


নামৰ আখৰ অনুসৰি নক্ষত্ৰ সমূহৰ নাম 

<  প্ৰত্যেকটো নামৰ প্ৰথমটো আখৰ অনুসাৰে ৰাশি আৰু নক্ষত্ৰ স্থিৰ কৰা হয় ।  প্ৰতিটো নক্ষত্ৰৰ চাৰিটাকৈ পাদ বা চৰণ থাকে ।  এই পাদ বা চৰণৰ পৰাই গণ স্থিৰ কৰা হয়  >


১ অশ্বিনী -- চু, চে, চো, ল,

 ২  ভৰণী – লি, লু, লে, লাে,

 ৩  কৃত্তিকা- অ, ই, উ, এ

  ৪ ৰােহিণী – ও, ব, বি, বু,

 ৫  মৃগশিৰা -- বে, বাে, ক, কি,

 ৬  আৰ্দ্ৰা -- কু, ঘ, ঙ, ছ,

 ৭  পুনৰ্ব্বসু-- কে, কো, হ, হি,

  ৮  পুষ্যা -- হু, হে, হাে, ড়,

  ৯  অশ্লেষা – ডি, ডু, ডে, ডাে,

  ১০ মঘা -- ম, মি, মু, মে,

  ১১ পূর্বফাল্গুনী – মে, ট, টি, টু,

  ১২ উত্তৰ ফাল্গুনী – টে, টো, প, পি,

 ১৩  হস্তা -পু, পাে, ন, ঠ,

 ১৪  চিত্রা -- পে, পাে, ৰ, ৰি,

  ১৫ স্বাতী -- ৰু, ৰে, ৰাে, ত,

  ১৬ বিশাখা – তি, তু, তে, তাে,

  ১৭ অনুৰাধা - ন, নি, নু, নে

 ১৮  জ্যেষ্ঠা - নাে, য, যি, যু,

 ১৯  মূলা - যে, যযা, ভ, ভি,

  ২০ পূর্বৰ্ষাঢ়া - ভু, ধ, ফ, ঢ,

 ২১  উত্তৰষাঢ়া -- ভে, ভো, জ, জি,

  ২২ অভিজিৎ - জু, জে, জো, খ,

  ২৩ শ্ৰৱণা – খি, খু, খে, খাে,

  ২৪ ধনিষ্ঠা – গ, গি, গু, গে,

  ২৫ শতভিষা - গাে, শ, শি, শু,

  ২৬ পূর্বভাদ্রপদ – শে, শাে, দ, দি,

  ২৭ উত্তৰ ভাদ্রপদ – দ, ধ, ঝ, ঞ,

 ২৮  ৰেৱতী – দে, দো, চ, চি,

(বি. দ্র. ই কাৰৰ ঠাইত ঈ কাৰাে প্রযােজ্য হ'ব।)



<  তিনিটা নক্ষত্ৰত এটা ৰাশি সংযুক্ত হয় ।  অৰ্থাৎ তিনিটা নক্ষত্ৰৰ ৯ পাদ বা চৰণ এটা ৰাশিত থাকে  । এই পাদ বা চৰণৰ পৰাই মানুহৰ নামৰ আদ্য আখৰ হয় । আৰু এই আদ্য আখৰৰ পৰাই  ৰাশি স্থিৰ কৰা হয়  >

যেনে -  মেষ ৰাশিত অশ্বিনী ভৰণী কৃত্তিকা, এই তিনি নক্ষত্ৰ সংযোগ হয় । ধৰক অশ্বিনী নক্ষত্ৰৰ পাদ হ'ল  চু চে চো ল,   ভৰণী নক্ষত্ৰৰ  লি লু লে লো  আৰু কৃত্তিকাৰ অ আ ই উ  ।

অশ্বিনী নক্ষত্ৰৰ ৪ পাদ,  ভৰণীৰ ৪ পাদ,  কৃত্তিকা নক্ষত্ৰ ১ পাদ অৰ্থাৎ  চু চে চো ল লি লু লে লো অ,  এই  ৯ টা আখৰক মেষ ৰাশিৰ নক্ষত্ৰাশ্ৰিত আদ্যাখৰ বুলি কোৱা হয় । 

কৃত্তিকা নক্ষত্ৰৰ বাকী ৩ পাদ, ৰোহিনীৰ ৪ পাদ, মৃগশিৰাৰ ২ পাদ পৰ্য্যন্ত এই ৯ টা আখৰত বৃষ ৰাশিৰ নক্ষত্ৰাশ্ৰিত আদ্যাখৰ হয় ।

মৃগশিৰাৰ শেষ ২ পাদ, আৰ্দ্ৰাৰ ৪ পাদ, পুনৰ্ব্বসুৰ ৩ পাদ, এই নটা আখৰত মিথুন ৰাশি হয় ।   পুনৰ্ব্বসুৰ বাকী থকা এপাদ, পুষ্যাৰ ৪ পাদ, অশ্লেষাৰ ৪ পাদ, কর্কট ৰাশি হয় ।   মঘাৰ ৪ পাদ, পূৰ্ব্বফল্গুণী ৪ পাদ উত্তৰফল্গুণী ১ পাদ পর্যন্ত সিংহ ৰাশি হয় ।

উত্তৰফল্গুণীৰ ৩ পাদ, হস্তাৰ ৪ পাদ, চিত্রাৰ ২ পাদ কন্যা ৰাশি হয় ।   চিত্রাৰ শেষ ২ পাদ, স্বাতীৰ ৪ পাদ, বিশাখাৰ ৩ পাদ তুলা ৰাশি হয় ।    বিশাখাৰ শেষ ১ পাদ, অনুৰাধাৰ ৪ পাদ, জ্যেষ্ঠাৰ ৪ পাদ বৃশ্চিক ৰাশি হয় । 

   মূলাৰ ৪ পাদ, পূৰ্ব্বাষাঢ়াৰ ৪ পাদ, উত্তৰাষাঢ়াৰ ২ পাদ ধনু ৰাশি হয় ।    উত্তৰাষাঢ়াৰ শেষ ৩ পাদ
শ্ৰৱণাৰ ৪ পাদ, ধনিষ্ঠাৰ ২ পাদ মকৰ ৰাশি হয় ।

  ধনিষ্ঠাৰ শেষ ২ পাদ, শতভিষাৰ ৪ পাদ, পূৰ্বভাদ্রপদৰ ৩ পাদ কুম্ভ ৰাশি হয় ।    পূৰ্ব্বভাদ্রপদৰ শেষ ১ পাদ, উত্তৰভাদ্রপদৰ ৪ পাদ, ৰেৱতীৰ ৪ পাদ, মীন ৰাশি হয়। এইদৰেই  স্থিৰ কৰিব পাৰি ।


বর্ণ চোৱাৰ নিয়ম

দৰা কন্যাৰ ৰাশি অনুসাৰে বৰ্ণ হয়। যেনে বিছা, মীন, কর্কট এই তিনিটা ৰাশিত ব্রাহ্মণ বর্ণ হয় ।  সিংহ, তুলা, ধনু এই তিনিটাত ক্ষত্রিয় বর্ণ ।  মেষ, কুম্ভ, মিথুন এই কেইটা বৈশ্য বর্ণ হয় ।  বৃষ, কন্যা, মকৰ এই কেইটাত শূদ্র বর্ণ হয় ।   দৰাৰ উচ্চ জাতৰ বৰ্ণ হ'লে ভাল । কন্যাৰ উচ্চ জাতৰ বৰ্ণ হলে বেয়া ।  উভয়ৰ সমান বর্ণ ।
হলে ভাল ।

বর্গ চোৱাৰ নিয়ম

দৰা কন্যাৰ নামৰ আখৰ যদি আ, ই, উ, ঋ, ঋ,  এ, ঐ,
ও, ঔ, এই কেইটা হয়,  তেন্তে গৰুড় বর্গ হয় ।
 ক, খ, গ, ঘ, ঙ এই কেইটাত বিড়াল বর্গ ।   চ, ছ, জ, ঝ, ঞ, এই কেইটাত সিংহ বর্গ ।   ত, থ, দ, ধ, ন এই কেইটাত সৰ্প বর্গ ।    প, ফ, ব, ভ,ম এই কেইটাত এন্দুৰ বৰ্গ ।    য, ৰ, ল, ৱ এই কেইটাত হস্তী বর্গ ।  শ, ষ, স, হ, ক্ষ এই কেইটাত ছাগলী বৰ্গ ।    দৰা কন্যা দুইওৰে একে বর্গ হলে ভাল ।   গৰুড়ে সর্পে,   বিড়ালে এন্দুৰে,
সিংহই হস্তীয়ে,   কুকুৰে বিড়ালে,   কুকুৰে ছাগলীয়ে অশুভ ; বাকীবােৰ শুভ  ।

সৰ্বাঙ্গী চোৱাৰ নিয়ম

দৰা কন্যা উভয়ৰ নামত যি যি নক্ষত্র হয়, সেই নক্ষত্ৰৰ দুইটা অঙ্ক যােগ কৰিব । যােগত যি অঙ্ক হয় তাকে তিনি ঠাইত লিখিব । যেনে ১ম, ২য়, ৩য় ।   ১ম ঘৰক দুইৰে পূৰণ কৰি পূৰণ ফলক পাঁচেৰে হৰণ কৰিব ।   ২য় ঘৰক তিনিৰে পূৰণ কৰি পূৰণ ফলক আঠেৰে হৰণ কৰিব ।  ৩য় ঘৰৰ অঙ্কক পাঁচেৰে পূৰণ কৰি ৬ ৰে হৰণ কৰিব ।  তিনিওটা হৰণত যদি বাকী থাকে তেন্তে অতি শুভ  ।  ১ম ঘৰত বাকী নাথাকিলে বিধবা হয় ।  ২য় ঘৰত বাকী নাথাকিলে দুঃখ হয় ।  ৩য় ঘৰত বাকী নাথাকিলে সন্তান হানি হোৱাৰ সম্ভাৱনা থাকে  ।


পতিহা পত্নীহা চোৱাৰ নিয়ম

দৰ কন্যা উভয়ৰ সোঁৱৰণী লৈ পতিহা পত্নীহা চাব । সেঁৱৰণীৰ ৰাশি চক্ৰত ১২ টা ঘৰ আছে ।  যি ঘৰত লগ্ন থাকে তাকে আদি কৰি বাৰটা ঘৰৰ বাৰটা নাম আছে। যেনে—১ তনু, ২ ধন, ৩ ভাতৃ, ৪ বন্ধু, ৫ পুত্র, ৬ শত্রু, ৭ কলত্র, ৮ মৰণ, ৯ ধৰ্ম্ম, ১০ কৰ্ম্ম, ১১ আয়, ১২ ব্যয় ।  যি ঘৰত লগ্ন থাকে তাকে ‘তনু’ বুলি পাচৰ ঘৰত ‘ধন’
বুলি লেখ কৰি নিব ।  যদি কোনাে ছােৱালীৰ সোঁৱৰণীৰ লগ্ন ঘৰৰ পৰা দ্বিতীয় কিম্বা তৃতীয় অর্থাৎ ধন বা ভাতৃৰ ঘৰত ৰবি, শনি, ৰাহু, কেতু, কোনাে অশুভ গ্রহ থাকে, তেন্তে সেই ছােৱালীৰ পতিহা হয় । পতিহা হলে বিধবা হয় ।

জন্ম : ঘৰত (অর্থাৎ তনু ), ৭ম ঘৰত ( অর্থাৎ কলত্র ), ৮ম ঘৰত (মৰণ ),  এই কেই ঘৰত বা চন্দ্র যি ঘৰত থাকে, সেই ঘৰত ৰবি, শনি, মঙ্গল, ৰাহু, কেতু, পাপগ্রহ থাকিলে দৰা  বৰলা হয়, কন্যাৰ থাকিলে বিধবা হয় । 

যদি কোনাে মানুহৰ সোঁৱৰণীৰ পাপগ্ৰহৰ
লগত শুক্র গ্রহ থাকে, তেনেহলে সেই মানুহ বৰলা হয়।
দৰা কন্যা দুইজনৰে যদি সমান পতিহা পত্নীহা হয় তেন্তে বিবাহ কৰাৰ পাৰে, তেতিয়া কোনাে দোষ নহয় ।


নাড়ী চোৱাৰ নিয়ম

তলত ২৭টা নক্ষত্ৰৰ অঙ্ক লিখা হৈছে ।  দৰা কন্যা উভয়ৰ যি যি নক্ষত্র হয়,  সেই দুইটা নক্ষত্ৰৰ অঙ্ক যদি একেটা শাৰীতে পৰে তেন্তে নাড়ী নাহে ।  যদি একে শাৰীত দৰা কন্যা নক্ষত্ৰৰ অঙ্ক একেটা শাৰীত নপৰে তেন্তে নাড়ী আহে ।

২৫     ২৪    ১৯    ১৮    ১৩    ১২    ৭    ৬    ১
২৬    ২৩     ২০    ১৭    ১৪    ১১    ৮    ৫    ২
২৭    ২২     ২১    ১৬    ১৫    ১০    ৯    ৪   ৩

ওপৰৰ লিখা মতে নাহিলে তলত লিখা মতে আহিলেও হব ।

২৭    ২৬    ২১    ২০    ১৫    ১৪    ৯     ৮    ৩
 ১     ২৫    ২২    ১৯    ১৬    ১৩    ১০   ৭   ৪
 ২     ২৪    ২৩    ১৮    ১৭    ১২    ১১   ৬   ৫

ইয়াতো যদি দৰা কন্যাৰ নক্ষত্ৰৰ অঙ্ক একে শাৰীত পৰে তেন্তে নাহে ।  একে শাৰীত নপৰিলে আহে ।










Comments

Popular posts from this blog

বৰ্ষ চক্ৰ । Barsa Chakra । বৰ্ষ চক্ৰ গণনা ।। আপোনাৰ বৰ্ষ চক্ৰৰ ফলাফল চাওক ।। এটিয়া নিজৰ বৰ্ষ চক্ৰ নিজেই গণনা কৰিব পাৰিব

অদ্ভুত গণনা জ্যোতিষ । মঙ্গল চোৱাৰ নিয়ম । গৰু,মহ, ছাগলী ইত্যাদি জন্তু হেৰালে মঙ্গল চোৱাৰ নিয়ম । Adbhut ganana jyotish । adbhut । mangal

গায়ত্ৰী । গায়ত্ৰী মন্ত্র । Gaytri । লগুন । Logun । পূৰণা যজ্ঞোপবীত কেনেকৈ সলাব । ব্ৰাহ্মণৰ লগুন ধাৰণ কৰাৰ মন্ত্র । যজ্ঞোপবীত বন্ধাৰ নিয়ম